নিউজ ডেস্ক, 7 জুলাইঃ চলিত বৰ্ষৰ মে মাহৰ প্ৰথমটো দিনত মহাৰাষ্ট্ৰৰ গাডচিৰোলী জংঘলত সংঘটিত হোৱা লেণ্ডমাইন বিস্ফোৰণৰ তদন্তৰ ভাৰ লাভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ৷ গাডচিৰোলীত সংঘটিত হোৱা এই আক্ৰমণত মহাৰাষ্ট্ৰ আৰক্ষীৰ বিশেষ বাহিনীৰ 15গৰাকীকৈ কামাণ্ডোৱে প্ৰাণত্যাগ কৰাৰ লগতে এগৰাকী অসামৰিক লোক নিহত হৈছিল ৷
গাডচিৰোলী মাও আক্ৰমণঃ "নিয়া"ক তদন্তৰ দায়িত্ব
চলিত বৰ্ষৰ মে' মাহৰ প্ৰথমটো দিনতে মহাৰাষ্ট্ৰৰ গাডচিৰোলী জংঘলত মাওবাদীৰ দ্বাৰা সংঘটিত ভয়াবহ আক্ৰমণৰ তদন্তৰ ভাৰ লাভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ৷
উল্লেখ্য যে, মে মাহৰ 1 তাৰিখে গাডচিৰোলী জিলাৰ কুৰখেড়া আৰক্ষী চকীৰ পৰা এখন বাছত 15গৰাকী কামাণ্ডোৱে উত্তৰ গাডচিৰোলী জিলাৰ বুৰাডা আৰক্ষী চকীলৈ বুলি আহি আছিল ৷ কামাণ্ডোৰ দলটোক কঢ়িয়াই অনা বাহনখন গাডচিৰোলীৰ কুৰখেড়া জংঘলত প্ৰৱেশ কৰাৰ সময়তে পূৰ্বৰে পৰাই সংস্থাপন কৰি ৰখা লেণ্ড মাইন বিস্ফোৰণ ঘটাই বাহনখনত থকা আটাইকেইগৰাকী কামাণ্ডোৰ লগতে গাড়ীচালকগৰাকীৰ প্ৰাণ কাঢ়ি নিছিল মাওবাদীয়ে ৷
বৰ্তমানলৈকে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আঠগৰাকীকৈ লোক গ্ৰেপ্তাৰ হৈছে ৷ শেহতীয়াকৈ ঘটনাৰ উচিত তদন্তৰ বাবে ইয়াৰ অনুসন্ধানৰ ভাৰ কেন্দ্ৰীয় সংস্থাটোক অৰ্পণ কৰিছে মহাৰাষ্ট্ৰৰ গৃহ বিভাগে ৷