নিউজ ডেস্ক, 7 আগষ্ট :দেশৰ পৰৱৰ্তী কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে বৃহস্পতিবাৰে নিযুক্ত কৰা হয় গিৰিশ চন্দ্ৰ মুৰ্মুক ৷ জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফ. গৱৰ্নৰ হিচাপে অব্যাহতি লোৱাৰ এদিন পিচতেই মুৰ্মুক কেগৰ দৰে গধুৰ দায়িত্ব অৰ্পন কৰা হয় ৷ শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত কেগ হিচাপে শপতগ্ৰহণ কৰিব গিৰিশ চন্দ্ৰ মুৰ্মুৱে ৷
বৰ্তমানে দেশৰ কেগ হিচাপে দায়িত্বত থকা 1978 বৰ্ষৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰাজীৱ মহৰ্ষিৰ দায়িত্বভাৰ 7 আগষ্টত অন্ত পৰে ৷ যাৰ বাবে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফ. গৱৰ্নৰৰ পৰা অব্যাহতি দি গিৰিশ চন্দ্ৰ মুৰ্মুক এই পদত নিযুক্ত কৰে দেশৰ কেন্দ্ৰীয় বিত্ত বিভাগে ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে এই নিযুক্তিক অনুমতি প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে সাধাৰণ প্ৰশাসন বিভাগে ৷ ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে তেওঁৰ নিযুক্তত আনুষ্ঠানিক সন্মতি প্ৰদান কৰিছে আৰু শনিবাৰে তেওঁ দেশৰ পৰৱৰ্তী কেগ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ কৰিব ৷
জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰথমগৰাকী লেফ. গৱৰ্নৰ হিচাপে দায়িত্বভাৰ সমাপ্ত কৰা লেফ. গৱৰ্নৰ মুৰ্মুৰ স্থানত স্থলাভিষিক্ত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ বিজেপি নেতা মনোজ সিনহা ৷ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে সিনহাক জম্মু-কাশ্মীৰৰ গৱৰ্নৰ জেনেৰেল হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷