উত্তৰ পূৰ্বাঞ্চল লৈ কেন্দ্ৰৰ 1400 কোটি - স্বদেশ দৰ্শন
উত্তৰ পূৰ্বাঞ্চলৰ 8 খন ৰাজ্যৰ বাবে স্বদেশ দৰ্শন আচঁনিৰ অধীনত 1400 কোটি টকা ধাৰ্য
নিউজ ডেস্ক, 17 জুলাই: কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে বিগত 5 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ 8 খন ৰাইজ্যৰ বাবে স্বদেশ দৰ্শন আচঁনিৰ অধীনত 1400 কোটি টকা ধাৰ্য কৰা বুলি সদনত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত কয় ৷ সাংসদ প্ৰতিমা ভৌমিকৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য আগবঢ়াই কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে ৷ মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিভাগে উত্তৰ পূৰ্বাঞ্চলত পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে পদক্ষেপ লোৱা বুলি অৱগত কৰে ৷ তেওঁ কয় যে বিগত 5 বছৰত 16 খন আচঁনি ৰূপায়ণ কৰা হয় ৷ ইয়াৰে প্ৰতিখন ৰাইজ্যত দুখনকৈ আচঁনি অৰুণাচল প্ৰদেশ,অসম,মণিপুৰ, নগালেণ্ড,মেঘালয়,মিজোৰাম,চিক্কিম আৰু ত্ৰিপুৰাত অনুমোদন জনোৱা হৈছে ৷ ইয়াৰ ওপৰিও মন্ত্ৰীগৰাকীয়ে ড’নাৰ মন্ত্ৰণালয়ে সকলো সুবিধা মুকলি কৰিছে ৷ তেওঁ জনাই যে চিক্কিম আৰু মেঘালয়ত এই সুবিধা মুকলি কৰা হৈছে বুলি জনাই ৷ তেওঁ কয় যে এনে সুবিধাই পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰে বুলিও জানিবলৈ দিয়ে ৷