২০২০ চনৰ শিক্ষা নীতি অকল এক মহত্বকাংক্ষী আৰু উচ্চাকাংক্ষী দস্তাবেজ হিচাপেই নহয় বৰঞ্চ ই এক উজ্জ্বল আৰু আশাবাদী ভৱিষ্যতৰ বতৰাও লৈ আহিছে ৷ সমিতিৰ কেইজনমান সদস্যক সাক্ষাৎ কৰি পৰিকল্পনাবোৰৰ বিষয়ে আলোচনা কৰোতে এই দলিলৰ ভৱিষ্যতমুখিতা দেখি আচৰিত হোৱা নাছিলো ৷ কিয়নো ই আশা কৰাৰ ধৰণেই স্বাভাৱিক আছিল ৷ মই যিসকল সুধী ব্যক্তিৰ লগত বাৰ্তা বিনিময় কৰিবলৈ সুযোগ পাইছিলো তেওঁলোকৰ ভিতৰত দুজন হ’ল,প্ৰসিদ্ধ বৈজ্ঞানিকড° কে কস্তুৰিৰংগন আৰু আনজন হ’ল বাণিজ্যিক প্ৰশাসনত অভিজ্ঞ এজন শিক্ষাবিদ আৰু বৰ্তমান বেংগালুৰুৰ এখন গৱেষণা আৰু নীতি কেন্দ্ৰৰ উচ্চ শিক্ষানুষ্ঠানত প্ৰধান হিচাপে কৰ্মৰত ড° এম কে শ্ৰীধৰ ৷ কিন্তু চিন্তাৰ অভিনৱত্বৰে সমিতিখনৰ আটাইতকৈ আকৰ্ষণীয় প্ৰতিনিধিজনেই আছিল চাগে প্ৰিঞ্চটনৰ অংকশাস্ত্ৰৰ অধ্যাপক আৰু ফিল্ডছ মেডেল বিজয়ী মঞ্জুল ভাৰ্গৱ ৷ উল্লেখযোগ্য যে ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰতি থকা নিজৰ ভালপোৱাক তেওঁ তেওঁৰ অংকশাস্ত্ৰত থকা দক্ষতাৰ বাবে বহুখিনি কৃতিত্ব দিয়ে ৷
কিন্তু ভাৰতবৰ্ষৰ দৰে বৃহৎ দেশ এখনক ভৱিষ্যতৰ দিশে আগুৱাই নিয়াটোও এক উল্লেখযোগ্য উচ্চাকাংক্ষী অভিলাষা ৷ সেয়ে বহুতৰে সহযোগিতা আৰু পৰ্যাপ্ত পৰিমাণৰ পুজি আৱন্তনৰ ওপৰত ইয়াৰ সাফল্যতা নিৰ্ভৰ কৰিব ৷ প্ৰায়ে দোহৰাৰ দৰে ক’ব পাৰি যে এখন নীতিক তেতিয়াহে উৎকৃষ্ট বা সফল বুলি ক’ব পাৰি যেতিয়া তাক নিখুতকৈ বাস্তৱায়িত কৰা হয় ৷
যেতিয়া উচ্চ শিক্ষাৰ প্ৰশ্ন উত্থাপিত হয়,তেতিয়াই কেইবাটাও মনকৰিবলগীয়া বৈশিষ্ট্যই আমাৰ আগত ধৰা দিয়ে ৷
সৰ্বপ্ৰথমেই ক’ব পাৰি দস্তাবেজখনত শাখাবোৰক ৰক্ষণশীলতাৰে ভাগ কৰা কাৰ্যক তীক্ষ্ণ আৰু সুস্পষ্টকৈ কৰা সমালোচনাৰ কথা ৷ আমাৰ দৰে বহুতৰেই বাবে যিসকলে দেশৰ চৰকাৰী বিশ্ববিদ্যালয়বোৰত অধ্যয়ন কৰিছিল আৰু সন্দেহাতীতভাৱে এতিয়াও যিসকলে সেই একেই কাম কৰি আছে,তেওঁলোকেও অনুভৱ কৰে যে শাখাবোৰক অনন্তকালৰ পৰা ৰক্ষণশীলতাৰ বাকচত আবদ্ধ কৰি থোৱা হৈছে ৷ কলা,বিজ্ঞান আৰু বাণিজ্য- আপোনাৰ ভৱিষ্যত কি হ’ব,উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰম্ভণিতেই বিধিৰ বিধান লিখি দিয়া হয় ৷ আৰু ই বাস্তৱিকতে আপোনাৰ পেচাৰ চৰিত্ৰ কি ধৰণৰ হ’ব তাক নিৰ্ণয় কৰে আৰু আনকি জীৱন ধাৰণৰ স্ৱৰূপকে ধৰি আদি সকলোবোৰ গঢ় দিয়াৰো ভাবুকি দিয়ে ৷ স্পষ্টকৈ ক’ব পাৰি যে এইয়া বৃটিছ সাম্ৰাজ্যবাদী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হোৱা পৰীক্ষা কেন্দ্ৰিক ব্যৱস্থাটোৰ পৰা উত্তৰাধিকাৰী হিচাপে পোৱা এক ব্যৱস্থা ৷ এইয়া অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ আদৰ্শ নহয় ৷ ই লণ্ডন বিশ্ববিদ্যালয়ৰহে এক অপৰিৱৰ্তনীয় ব্যৱস্থা ৷ য’ত একোজন মাগুৰ বৰণীয়া লোকক একো একোজন দক্ষ কেৰাণীলৈ ৰূপান্তৰিত কৰিবলৈ পণ লোৱা হয় ৷ এই ব্যৱস্থা আজিও অপৰিৱৰ্তনীয় হৈয়ে আছে ৷ ইতিমধ্যে বিশ্বখন বহুদূৰ আগুৱাই গ’ল— একৈশ শতিকাৰ জ্ঞান অন্ৱেষণৰ প্ৰজন্মই ষ্টেণ্ডৰ্ডত নিজৰ প্ৰয়োগশালাবোৰত সংগীত, অংকশাস্ত্ৰ আৰু সাহিত্যক বৈষম্যহীনভাৱে সংযোগ কৰিছে আৰু বিভাগসমূহে ‘ছিলিকন ভেলী’ৰ উদ্ভাৱনশীল সংস্কৃতিক উৎসাহ যোগাইছে ৷ এই দলিলখনে আন্তঃশাখা বিষয়বোৰৰ ওপৰত ধ্যান দিছে—বিষয়বোৰৰ মাজত অসহযোগিতাৰ প্ৰবৃত্তি এটা থকাৰ বাবে ইয়াক মই ক’ৰ’বাত ‘বিৰুধাভাষী শাখা’ বুলিও উল্লেখ কৰিছিলো ৷ কিন্তু আমি অৱশেষত ভাৰতীয় উচ্চ শিক্ষা ব্যৱস্থাত একৈশ শতিকাৰ উদ্ভাৱনী জ্ঞান অৰ্থনীতিক জগাই তোলাৰ প্ৰতিশ্ৰুতি পালো ৷
গৱেষণা আৰু শিক্ষা প্ৰদানক একত্ৰীকৰণ কৰা বহুশাখা বিশ্ববিদ্যলয়বোৰৰ এই অৱধাৰণাটো স্বাভাৱিক পৰিণতি হিচাপেই সমিতিখনে চিন্তা কৰি উলিয়াইছে ৷ অকল শাখাবোৰৰ ৰক্ষণশীলভাৱে ভগাই দিয়াটোৱেই নহয় বৰঞ্চ শিক্ষাদানক আৰু গৱেষণাক সম্পূৰ্ণৰূপে মেৰুকৰণ কৰাটোও ঊনৈশ শতিকাৰ সাম্ৰাজ্যবাদী আদৰ্শৰ পৰা উত্তৰাধিকাৰীয় সুত্ৰে পোৱা এক পৰিকাঠামো ৷ ই লাগিলে এচিয়াটিক চ’ছাইটিয়েই হওক নাইবা বৈজ্ঞানিক অনুসন্ধানৰ বিশেষ কেন্দ্ৰই হওক গৱেষণাসমূহ গৱেষণা কৰা প্ৰতিষ্ঠানবোৰত সম্পন্ন কৰা হৈছিল আৰু শিক্ষাদান কৰা হৈছিল মহাবিদ্যালয় সমূহত ৷ আলেকজেণ্ডাৰ হামব’ল্ডৰ দাৰা আৰ্হি প্ৰস্তুত কৰা জাৰ্মান আদৰ্শ,য’ত গৱেষণা আৰু শিক্ষা প্ৰদানক একেটা চৌহদতে সংলগ্ন কৰা হৈছিল আৰু বিছ শতিকাত ইয়াৰ দ্বাৰা মহা শক্তি মাৰ্কিন যুক্তৰাষ্ট্রৰ আগশাৰীৰ বিশ্ববিদ্যালয়বোৰো অনুপ্ৰাণিত হৈছিল ৷ দুখজনকভাৱে কেইখনমান ব্যতিক্ৰমী বিশ্ববিদয়ালয়ক বাদ দিলে এইটো আমাৰ বিশ্ববিদ্যালয়সমূহৰ পৰা বাদ পৰি আছে ৷ ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি এই বিষয়টোত যথেষ্ট সংবেদনশীল পৰিলক্ষিত হয় ৷ কিয়নো ই শাখা ভাগ কৰাৰ ক্ষেত্ৰত গৱেষণা আৰু শিক্ষা প্ৰদানক এক দীৰ্ঘকালিন সময়ৰ ব্যৱধানত একীকৰণ কৰাৰ ওপৰত জোৰ দিছে ৷ যেনেকৈ মানৱীয় আৰু এছ টি ই এম (STEM) শাখাবোৰৰ মাজৰ সহযোগিতাক দলিলখনে বিশেষভাৱে উল্লেখ কৰিছে ৷
ভাৰতবৰ্ষত অধ্যাপকীয় মানসিকতাবোৰত এই চিন্তাটোৱে স্থান পাওতে কিছু সময় ল’ব যে আন্তশাখা গৱেষণা আৰু শিক্ষা প্ৰদানক একেটা চৌহদতে একত্ৰিত কৰিব পাৰি ৷ ভৱিষ্যতৰ ফেকাল্টিক প্ৰশিক্ষণ দিয়াৰ বাবে উচ্চ পৰ্যায়ৰ এক আমূল পৰিৱৰ্তনকাৰী গৱেষণাৰ প্ৰয়োজন হ’ব ৷ প্ৰস্তাৱিত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্বনে যদি ইয়াৰ প্ৰতিশ্ৰুতিসমূহ উৎকৃষ্টতাৰে পানল কৰিব পাৰে তেনেহ’লে এই মহত্বপূৰ্ণ আৱশ্যকতাটোকো পূৰ্ণতা দিব পাৰিব লাগিব ৷
এই মহৎ আকাংক্ষাটোক ধ্যানত ৰাখি এইটো একেবাৰেই স্বাভাৱিকভাৱে আশা কৰিব পাৰি যে গৱেষণা আৰু বিভাগসমূহৰ বিকাশৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পুজিৰ আবণ্টনৰ প্ৰয়োজন হ’ব আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে নিৰাশ নকৰিব ৷ সুস্পষ্টকৈ দলিলখনত এই দেশখনৰ সুচনীয় গৱেষণা প্ৰশিক্ষণৰ কথা উল্লেখ কৰা হৈছে ৷ এণ্ড্ৰে বিটিলে এবাৰ আমাৰ ‘ডক্টৰেল’ সংস্কৃতিক অক্ষমতাৰ প্ৰশিক্ষণ প্ৰাপ্ত ফচল বুলিও অভিহিত কৰিছিল ৷ এইটো অতি আৱশ্যকীয় হৈ পৰিছে ৷ ই এনেকুৱা এটা বিষয় যাক এটা ৰাতিৰ ভিতৰতে সলাই দিব পৰা নাযায় ৷ ই এটা প্ৰশাসনিক পৰিৱৰ্তনৰ বিষয়, এটা সংস্কৃতিক ন ৰূপত গঢ়ি তুলাৰ প্ৰয়াস ৷ সেয়ে এই সংক্ৰান্তত সাফল্যতাৰ অনুমান কৰিব পৰাটো খুবেই কঠিন ৷