নিউজ ডেস্ক, ১৯ জুন : দেশৰ প্ৰখ্যাত গ্ৰুপ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাই যে, চেয়াৰ হোল্ডাৰক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি,ৰিলায়েন্স কোম্পানী এতিয়া ঋণ মুক্ত । অধ্যক্ষ গৰাকীয়ে লগতে আকৌ জনাই যে,২০২১ চনৰ মাৰ্চৰ আগেয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি আমি বৰ্তমান ঋণ মুক্ত ।
কোম্পানীটোৱে মাত্ৰ ৫৮ দিনৰ ব্যৱধানত ১৬৮৮১৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । জনোৱা অনুসৰি,উক্ত কোম্পানীটোৱে Jioৰ জৰিয়তে ১১৫৬৯৩ কোটি টকা আৰু ৫৩১২৪.২০ কোটি টকা অন্য ব্যৱসায়ৰ জৰিয়তে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।