পশ্চিমবংগ, 24 জুনঃ সোমবাৰে পশ্চিমবংগৰ ভাটপাৰা অঞ্চলত 50 টা ক্ৰুড বোমা উদ্ধাৰ ৷ বোমাখিনি উদ্ধাৰ হোৱাৰ পিচতে অঞ্চলজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ আনহাতে, অঞ্চলটোত এই পৰ্যন্ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
পশ্চিমবংগত উদ্ধাৰ 50 টা ক্ৰুড বোমা - etv bharat
পশ্চিমবংগৰ ভাটপাৰা অঞ্চলত 50 টা ক্ৰুড বোমা উদ্ধাৰ, অঞ্চলজুৰি আতংকময় পৰিস্থিতি

পশ্চিমবংগত উদ্ধাৰ 50 টা ক্ৰুড বোমা
আনহাতে, ইয়াৰ পূৰ্বে 20 জুনত ভাটপাৰা অঞ্চলত দুটা পক্ষৰ কৰ্মীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ এই সংঘৰ্ষত দুজন লোক নিহত হোৱাৰ বিপৰীতে 11 জন ব্যক্তি আহত হৈছিল ৷ সংঘৰ্ষত লিপ্ত হোৱা লোকসকল তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷