নিউজ ডেস্ক , 12 জুন :ভাৰত আৰু ফ্ৰান্সে সোমবাৰে এক চুক্তি স্বাক্ষৰ কৰে , য'ত 'ফৰাচী ৰেলৱেজে'-'ভাৰতীয়ে ৰেল ষ্টেচন' সমূহ উন্নত কৰাত সহায় আগবঢ়াব ৷ মঙলবাৰে 'ভাৰতীয় ৰেলৱে ষ্টেচন ডেভেলপমেন্ট কৰ্পৰেচনে' ফ্ৰান্সৰ লগতে এক ত্ৰিপক্ষীয় চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে ৷
ভাৰতত ৰেলৱে ষ্টেচন নিৰ্মাণ কৰিব ফান্সে ! - সুৰেশ আংগাদি
এই চুক্তি অনুযায়ী ফৰাচী উন্নয়ন সংস্থা 'এএফডিয়ে' , 'ফৰাচী নেচনেল ৰেলৱে-হাব' আৰু 'কনেক্সনচ'ৰ মাধ্যমেৰে ,আভ্যন্তৰীণভাৱে ভাৰতীয় ৰেলৱে ষ্টেটন ডেভেলপমেন্ট প্ৰগামক সমৰ্থন কৰাৰ বাবে IRSDCক .প্ৰযুক্তিগত অংশীদাৰ হিচাপে 7,00,000 ইউৰো প্ৰদান কৰে ৷
এই চুক্তি অনুযায়ী ফৰাচী উন্নয়ন সংস্থা 'এএফডিয়ে' , 'ফৰাচী নেচনেল ৰেলৱে-হাবচ' আৰু 'কনেক্সনচ'ৰ মাধ্যমেৰে , ভাৰতীয় ৰেলৱে ষ্টেচন ডেভেলপমেন্ট প্ৰগামক সমৰ্থন কৰাৰ বাবে IRSDCক প্ৰযুক্তিগত অংশীদাৰ হিচাপে 7,00,000 ইউৰো প্ৰদান কৰে ৷ এই ধন ৰাশি ভাৰতীয় ৰেলৱে তথা IRSDCৰ ওপৰত কোনো আৰ্থিক দায়িত্ব নাথাকে বুলিও চুক্তি খনত উল্লেখিত আছে ৷ ৰেল ৰাজ্য মন্ত্ৰী সুৰেশ আংগাদি আৰু ফ্ৰান্স আৰু ইউৰোপৰ বিদেশী পৰিক্ৰমাৰ ৰাজ্য মন্ত্ৰী জিন বেপটিস্ট লেময়ন চুক্তি স্বাক্ষৰ কৰা সময়ত উপস্থিত আছিল ৷ মন্ত্ৰী অংগাদীয়ে জনোৱা অনুসৰি , দুয়োখন দেশৰ ৰেলৱে ক্ষেত্ৰৰ মাজত শক্তিশালী আৰু দীৰ্ঘস্থায়ী সম্বন্ধ আছে ৷ ইয়াৰোপৰিও তেওঁ , দিল্লী-চত্তিছগড় চেক্টৰত গতিবিধি অধ্যয়ন আৰু লুধিয়ানা আৰু অম্বালা ষ্টেচনৰ উন্নয়নৰ বাবে ভাৰতীয় ৰেলৱেৰ লগত ফৰাচী ৰেলৱেৰ সহযোগীতাৰ বিষয়টো দাঙি ধৰে ৷