অসম

assam

ETV Bharat / bharat

কৃষি আইনৰ বিৰোধিতাৰে পাঞ্জাৱত "কিষান ৰে'ল ৰোকো" আন্দোলন - Punjab

পাঞ্জাৱৰ বিভিন্ন ঠাইত ৰে'ল অৱৰোধ কৰি "কিষান ৰে'ল ৰোকো" শীৰ্ষক আন্দোলন ৷ জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ পৰা অহা যোৱা কৰা বহু কেইখন মালবাহী ৰে'ল বন্ধ ৷

Freight train services stopped due to farmers' agitation in Punjab
কৃষি আইনৰ বিৰোধিতাৰে পাঞ্জাৱত "কিষান ৰে'ল ৰোকো" আন্দোলন

By

Published : Oct 26, 2020, 4:51 PM IST

নেশ্য়নেল ডেস্ক,26 অক্টোবৰ: শেহতীয়া ভাৱে সংসদত বিতৰ্কিত কৃষি আইনখন গৃহীত হোৱাৰ পাছতেই সমগ্ৰ দেশতে আন্দোলন গঢ় লৈ উঠিছিল ৷ তাৰ ভিতৰত এই আন্দোলনত বিশেষ ভাৱে আগভাগ লৈছিল কৃষি প্ৰধান ৰাজ্য পাঞ্জাৱে ৷ তাৰ পৰিপ্ৰেক্ষিততে পাঞ্জাৱৰ বিভিন্ন ঠাইত ৰে'ল অৱৰোধ কৰি "কিষান ৰে'ল ৰোকো" শীৰ্ষক আন্দোলন গঢ় লৈ উঠিছিল ৷ জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ পৰা অহা যোৱা কৰা বহু কেইখন মালবাহী ৰে'ল বন্ধ কৰাৰ ফলত অৰ্থনৈতিক ভাৱে বিৰূপ প্ৰভাৱ পৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে ৰে'ল বিভাগক পাঞ্জাৱলৈ মালবাহী ৰে'ল নপঠিয়াবলৈ নিৰ্দেশ দিছে ৷ উত্তৰ ৰে'লৱেৰ মতে,কৃষক সকলৰ বাবেই ৰাজ্য়ত এতিয়া কয়লা,খাদ্য়ৰ লগতে অত্য়াৱশ্য়কীয় সামগ্ৰীৰ অভাৱ ঘটিব ৷

ABOUT THE AUTHOR

...view details