অসম

assam

By

Published : Jun 27, 2019, 8:31 PM IST

ETV Bharat / bharat

মুছলমান হৈয়ো গীতা পাঠ কৰা স্বাধীনতা সংগ্ৰামী মহম্মদ বাজী আৰু নাই

ওড়িশ্যাৰ নবৰংগপুৰ জিলাৰ বাসিন্দা তথা প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী মহম্মদ বাজীয়ে 102 বছৰত ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়ত বাজীৰ বয়স হৈছিল 102 বছৰ ৷

প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী মহম্মদ বাজী

নিউজ ডেস্ক, 27 জুনঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এটি উজ্জ্বল ভোটা তৰা স্বৰূপ মহম্মদ বাজী আৰু নাই ৷ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছে দুবাৰকৈ জেললৈ পঠোৱা এইগৰাকী স্বাধীনতা সংগ্ৰামী হৈছে ওড়িশ্যাৰ নবৰংগপুৰ জিলাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী মহম্মদ বাজী ৷

প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী মহম্মদ বাজী

দীৰ্ঘদিন ধৰি অসুখত ভুগি থকা স্বাধীনতা সংগ্ৰামীগৰাকীয়ে নিজ বাসগৃহতে ইহলীলা সম্বৰণ কৰে ৷ 1917 চনৰ জানুৱাৰী মাহৰ 28 তাৰিখে জন্ম হোৱা বাজীয়ে 1931 চনত আধাতে বিদ্যালয়ৰ শিক্ষা সাং কৰি কংগ্ৰেছ দলত যোগদান কৰিছিল ৷ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা বাজীয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ত দুবাৰকৈ জেলৰ ভাত খাইছিল ৷ গান্ধীৰ আদৰ্শ অনুকৰণ কৰি আজীৱন অবিবাহিত হৈ থকা বাজীয়ে নিয়মিত অধ্যয়ন কৰিছিল শ্ৰীমদ্ভাগৱত গীতাৰ দৰে ধৰ্মগ্ৰন্থ ৷

অবিবাহিত বাজীয়ে মৃত্যুৰ সময়লৈকে নবৰংগপুৰ জিলাৰ বীজাপুৰস্থিত গান্ধী আশ্ৰমত সেৱা আগবঢ়াই আহিছিল ৷ স্বাধীনতা সংগ্ৰামীগৰাকীৰ মৃত্যুত ওড়িশ্যাৰ মুখ্যমন্ত্ৰীয়ে গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে স্বাধীনতা সংগ্ৰামীগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় ৷

ABOUT THE AUTHOR

...view details