অসম

assam

ETV Bharat / bharat

'ফ্ৰী কাশ্মীৰ প্লেকাৰ্ড' কাণ্ডঃ ভিডিঅ'ৰ জৰিয়তে যুৱতীৰ ক্ষমা প্ৰাৰ্থনা - ভিডিঅ'ৰ জৰিয়তে নলিনী বালাকৃষ্ণৰ ক্ষমা প্ৰাৰ্থনা

'ফ্ৰী কাশ্মীৰ' প্লেকাৰ্ড প্ৰদৰ্শন কৰি চৰ্চিত হৈ পৰা নলিনীয়ে চ'ছিয়েল মিডিয়াৰ জৰিয়তে সকলোৰে আগত ক্ষমা ভিক্ষা মাগে ৷ তেওঁৰ উদ্দেশ্য দেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাছিল বুলি জানিবলৈ দিয়ে ৷

ভিডিঅ' শ্বেয়াৰ
নলিনী বালাকৃষ্ণ

By

Published : Jan 11, 2020, 7:50 PM IST

নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ'ফ্ৰী কাশ্মীৰ প্লেকাৰ্ড' ধৰি কৰ্ণাটকৰ মহীশূৰত প্ৰতিবাদ সাব্যস্ত কৰা নলিনী বালাকৃষ্ণই এক ভিডিঅ'ৰ জৰিয়তে নিজৰ বিচাৰ ধাৰা প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে ৷

উল্লেখ্য যে, মহীশূৰ বিশ্ববিদ্যালয়ৰ ওচৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) কাণ্ডক লৈ সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে নলিনীয়ে 'Free Kashmir' প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল ৷ ইয়াৰ পাচতে চ'ছিয়েল মিডিয়া আৰু নিউজ চেনেলৰ জৰিয়তে ভিডিঅ' ভাইৰেল হৈ পৰাত মহীশূৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে ৷ ঘটনাৰ তদন্ত আৰম্ভ হোৱাত নলিনীয়ে জামিনৰ বাবে আদালতৰ দ্বাৰস্থ হ'ব লগা হয় ৷

নলিনী বালাকৃষ্ণৰ ভিডিঅ'

ইয়াৰ পাচতে নলিনীয়ে এক ভিডিঅ' শ্বেয়াৰ কৰি নিজৰ পক্ষ ৰাখে ৷ এই ভিডিঅ'টোত তেওঁ কয় যে, এই কাণ্ড তেওঁ দেশৰ বিৰুদ্ধে কৰা নাই ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাচতে চৰকাৰে ইন্টাৰনেট সেৱা বাতিল কৰিছে ৷ উপত্যকাটোত ইন্টাৰনেট সেৱা দাবী কৰিহে তেওঁ প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল ৷ এই ঘটনাই সকলোকে বিবুদ্ধিত পেলালে বুলি মন্তব্য কৰে নলিনীয়ে ৷

লগতে তেওঁ কয়, "আৰক্ষী বিভাগৰ আগত মই সঁচাকৈয়ে ক্ষমা ভিক্ষা কৰিব বিচাৰিছো ৷ প্লেকাৰ্ডৰ বাবে বিবুদ্ধিত পেলোৱা জনসাধাৰণৰ আগতো ক্ষমা প্ৰাৰ্থনা বিচাৰিছো ৷"

আৰু পঢ়ক : খৰ্গহস্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সেৱা

ABOUT THE AUTHOR

...view details