নিউজ ডেস্ক,2 আগষ্ট : আগন্তুক ৰাখি বন্ধন উপলক্ষে উত্তৰ প্ৰদেশ চৰকাৰৰ বিশেষ পদক্ষেপ ৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাখি বন্ধন উপলক্ষে মহিলা সকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া বাছ সেৱা ৷ উত্তৰ প্ৰদেশৰ ৰাজ্যিক পৰিৱহন নিগমৰ সকলো ধৰণৰ বাছসেৱাত মহিলাৰ বাবে 2 আগষ্টৰ মাজনিশাৰ পৰা 3 আগষ্টৰ মাজনিশালৈ এই সেৱা আগবঢ়োৱা হ'ব বুলি শনিবাৰে সদৰি কৰে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৷
ৰাখি বন্ধন উপলক্ষে মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা - ৰাখি বন্ধন
ৰাখি বন্ধন উপলক্ষে মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা আগবঢ়াব উত্তৰ প্ৰদেশ চৰকাৰে ৷ 2 আগষ্টৰ মাজনিশাৰ পৰা তিনি আগষ্টৰ মাজনিশালৈ চৰকাৰী বাছত বিনামূলীয়াকৈ অহা যোৱা কৰিব পাৰিব মহিলা সকলে ৷
উত্তৰ প্ৰদেশত ৰাখি বন্ধন উপলক্ষে মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা
আনহাতে, এগৰাকী চৰকাৰী বিষয়বৱীয়াই এক বিবৃতিত উল্লেখ কৰা অনুসৰি, ৰাখি উৎসৱ উপলক্ষে দেওবাৰে বিভিন্ন মিঠাইৰ দোকান তথা ৰাখি বিক্ৰেতাৰ দোকান সমূহ খোলা থাকিব বুলি মত ব্যক্ত কৰে ৷ তাৰোপৰি ৰাখি বন্ধন উৎসৱ পালনৰ সময়ত সামাজিক দূৰত্ব তথা COVID-19 নিয়মাৱলী তথা নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাই ৰাজ্য চৰকাৰে ৷