নিউজ ডেস্ক, 29 এপ্ৰিলঃ দেশৰ 9 ৰাজ্যৰ 71 টা লোকসভা সমষ্টিৰ বাবে আজি পুৱা 7 বজাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ জৰিয়তে প্ৰায় 12.79 ভোটাৰে 945গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ইপিনে ভোটদানৰ হাৰৰ ক্ষেত্ৰত পূৰ্বৰ তিনিটা পৰ্যায়ৰ অভিলেখ ভংগ চতুৰ্থ পৰ্যায়ত ভংগ কৰা হ'ব বুলি এক টুইটযোগে আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বিশেষকৈ নৱ প্ৰজন্মক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁ আহ্বান জনায় ৷
9 ৰাজ্যৰ 71টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ - elections 2019
চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ জৰিয়তে প্ৰায় 12.79 ভোটাৰে 945গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ইপিনে ভোটদানৰ হাৰৰ ক্ষেত্ৰত পূৰ্বৰ তিনিটা পৰ্যায়ৰ অভিলেখ ভংগ চতুৰ্থ পৰ্যায়ত ভংগ কৰা হ'ব বুলি এক টুইটযোগে আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
9 ৰাজ্যৰ 71টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ
উল্লেখ্য যে বিহাৰৰ 5, জম্মু আৰু কাশ্মীৰৰ 1, ঝাৰখণ্ডৰ 3, মধ্য প্ৰদেশৰ 6, ওড়িশাৰ 6, মহাৰাষ্ট্ৰৰ 17, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ 13, আৰু পশ্চিমবংগৰ 8খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ লগতে ওড়িশাৰ 42টা বিধানসভা সমষ্টিৰো ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈছে ৷
Last Updated : Apr 29, 2019, 8:23 AM IST