নেশ্যনেল ডেস্ক, ১১ জানুৱাৰী: এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা ৪ গৰাকী যাত্ৰী COVID-১৯ত আক্ৰান্ত । জেনেষ্ট্ৰিংছ জেনেটিক লেবৰেটৰীৰ প্ৰতিষ্ঠাপক-নিৰ্দেশক ডা০ গৌৰী আগৰৱালে জানিবলৈ দিয়া মতে, ইংলেণ্ডৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনত ৩টা শিশুসহ মুঠ ১৮৬ গৰাকী যাত্ৰী আছিল । ৩ ঘণ্টাৰ ভিতৰত আটাইকেইগৰাকীৰে COVID-১৯ পৰীক্ষা সম্পন্ন হয় ।
উল্লেখ্য যে, ইংলেণ্ডত আৰম্ভ হোৱা COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণ বৰ্তমান কেইবাখনো দেশলৈ বিয়পিছে । ভাৰতত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি হৈছে । ইংলেণ্ডত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমণ আৰম্ভ হোৱাৰ পিছতে ভাৰত চৰকাৰে ইংলেণ্ড আৰু ভাৰত চৰকাৰৰ মাজত বিমান পৰিবহণ বিগত বৰ্ষৰ ২২ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে অস্থায়ীভাৱে নিষিদ্ধ কৰিছিল ।