অসম

assam

ETV Bharat / bharat

প্ৰসৱৰ পাছতে মৃত্যু চাৰিটাকৈ শিশুৰ - প্ৰসৱৰ পাছতে মৃত্যু শিশুৰ

উত্তৰ প্ৰদেশৰ বদায়ু জিলাৰ ইছলামাবাদ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা প্ৰসৱৰ পাছতে মৃত্যু চাৰিটাকৈ শিশুৰ । স্বাস্থ্য কেন্দ্ৰৰ কৰ্মীয়ে উৎকোচ লোৱাৰ অভিযোগ পৰিয়ালৰ ।

Four infants die during birth at Uttar Pradesh PHC in one night
Four infants die during birth at Uttar Pradesh PHC in one night

By

Published : Jun 2, 2020, 7:21 PM IST

উত্তৰ প্ৰদেশ, ২ জুনঃউত্তৰ প্ৰদেশৰ বদায়ু জিলাৰ ইছলামাবাদ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা প্ৰসৱৰ পাছতে চাৰিটাকৈ শিশুৰ মৃত্যুৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃত শিশুকেইটাৰ পৰিয়ালৰ লোকে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মীয়ে ৪০০ টকাৰ পৰা ১,৫০০ টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ কৰিছে । ইয়াৰ উপৰি স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মীয়ে বাহিৰৰ পৰা ঔষধ ক্ৰয়ৰ বাবে হেঁচা দিয়াৰ কথাও পৰিয়ালকেইটাই উল্লেখ কৰে ।

প্ৰসৱৰ পাছতে মৃত্যু চাৰিটাকৈ শিশুৰ

অঞ্চলটোৰ স্থানীয়লোকে উল্লেখ কৰা অনুসৰি, স্বাস্থ্য কেন্দ্ৰটোত মৃত্যু হোৱা শিশুৰ সংখ্যা প্ৰকাশিত তথ্যতকৈ বহুত বেছি । স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মীৰ গাফিলতিৰ বাবেই শিশুকেইটাৰ মৃত্যু হৈছে । কেন্দ্ৰটোত কৰ্মৰত নাৰ্ছগৰাকীয়ে বহু পূৰ্বে অৱসৰ লৈছে যদিও এতিয়াও চিকিৎসা প্ৰদান কৰি আহিছে । আনহাতে স্বাস্থ্য কেন্দ্ৰটোৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে কেন্দ্ৰটোলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ পৰাই কাম কৰে । ঘটনা সংঘটিত হোৱাৰ দিনাও বিষয়াগৰাকী স্বাস্থ্য কেন্দ্ৰলৈ নোযোৱাৰ অভিযোগ কৰিছে মৃত শিশুকেইটাৰ পৰিয়ালৰ লগতে স্থানীয়লোকে ।

প্ৰসৱৰ পাছতে মৃত্যু চাৰিটাকৈ শিশুৰ

লগতে কৃত্ৰিম বানপানী সন্দৰ্ভত পৌৰ নিগমৰ মন্ত্ৰী-বিষয়াৰ লগত মুখ্যমন্ত্ৰীৰ বৈঠকপঢ়কঃ

ABOUT THE AUTHOR

...view details