নিউজ ডেস্ক, 16 আগষ্ট :দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে কৰ্ণাটকৰ উদ্দুপি জিলাত মাছ মাৰিবলৈ যোৱা চাৰিজন লোক সন্ধানহীন ৷ উপকূল সুৰক্ষা বাহিনীৰ তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত 11 গৰাকী মাছমৰীয়া আছিল ৷ তাৰে ভিতৰত বৰ্তমান 4 গৰাকী সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ তীব্ৰ বেগী অহা বতাহ আৰু বতাহৰ ফলত সৃষ্টি হোৱা ঢৌৰ ফলত নাওখনে নিয়ন্ত্ৰণ হেৰুওৱাত দুৰ্ঘটনা সংঘটিত হয় ৷ সন্ধানহীন হোৱা লোক কেইগৰাকী ক্ৰমে, শেখৰ, নাগা, লক্ষণ আৰু মজুনাথ বুলি জানিব পৰা গৈছে ৷
আনহাতে, আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মাছমৰীয়া কেইগৰাকী সাগৰত মাছ মাৰিবলৈ গৈছিল ৷ যাৰ ভিতৰত 4 গৰাকী বৰ্তমান সন্ধানহীন ৷ উদ্ধাৰ কৰা 7 গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ সন্ধানহীন হোৱা লোক কেইজনক বিচাৰি বৰ্তমান তদন্ত অব্যাহত আছে ৷