নিউজ ডেস্ক, ২ জুলাই : বৃহস্পতিবাৰে তামিলনাডুৰ তুতীকোৰিণ জিলাত টেংকি চাফা কৰা চাৰি গৰাকী লোকৰ মৃত্যু হয় । জিলাখনৰ পৰা ২৫ কিলোমিটাৰ আঁতৰৰ চেকৰকুদ্দী গাঁৱত সংঘটিত হৈছে এই ঘটনা । য'ত টেংকি চাফা কৰিবলৈ গাঁতৰ ভিতৰত সোমোৱাৰ সময়ত তেওঁলোকৰ মৃত্যু হয় ।
তামিলনাডুত অক্সিজেনৰ অভাৱত চাৰি গৰাকী টেংক চাফাই কৰ্মীৰ মৃত্যু - মৃতদেহ
বৃহস্পতিবাৰে তামিলনাডুৰ তুতীকোৰিণ জিলাত টেংকি চাফা কৰা চাৰি গৰাকী লোকৰ মৃত্যু হয় । জিলাখনৰ পৰা ২৫ কিলোমিটাৰ আঁতৰৰ চেকৰকুদ্দী গাঁৱত সংঘটিত হৈছে এই ঘটনা । য'ত টেংকি চাফা কৰিবলৈ গাঁতৰ ভিতৰত সোমোৱাৰ সময়ত তেওঁলোকৰ মৃত্যু হয় ।
four-die-of-asphyxiation-in-septic-tank-in-tamil-nadu
আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰথমে দুটা গাঁতত দুগৰাকী লোক সুমাইছিল । তেওঁলোকৰ সন্ধান নথকাৰ পিচত সন্ধান কৰিবলৈ গাঁতৰ ভিতৰত সোমোৱাত তেওঁলোকো অচেতন হৈ পৰে ।
ঘটনাৰ পিচতে থাতাপৰায় আৰক্ষী উপস্থিত হৈ গাঁতৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।