নতুন দিল্লী,20 মাৰ্চঃ ভাৰতৰ ইতিহাসত এক উল্লেখনীয় দিন হিচাপে হিচাপে চিহ্নিত হৈ ৰব 2020 চনৰ 20 মাৰ্চৰ দিনটো ৷ কাৰণ এই দিনটোতেই বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ন্যায় লাভ কৰিলে নিৰ্ভয়াই ৷ সুদীৰ্ঘ সময়ৰ অন্তত নিৰ্ভয়া কাণ্ডত জড়িত অপৰাধীসকলক শুকুৰবাৰে পুৱা 5.30 বজাত ফাঁচি দিয়া হয় ৷ অপৰাধীৰ জীৱনদানৰ সকলো চেষ্টা বিফল কৰি আদালতে দিয়া ৰায়দানৰ ভিত্তিত ফাঁচি দিয়ে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই ৷ 2012 চনৰ 16 ডিচেম্বৰত সংঘটিত দেশ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডৰ অপৰাধীৰ ফাঁচিৰ খবৰে স্বাভাৱিকতে পৰিয়ালৰ লোকক উৎফুল্লিত কৰে ৷ ৰাজধানী চহৰ নতুন দিল্লীৰ এখন চলন্ত বাছত এগৰাকী পেৰামেডিকেলৰ ছাত্ৰীৰ সৈতে সংঘটিত নৰপৈশাচিক বলাৎকাৰৰ ঘটনাটোৱে আক্ষৰিক অৰ্থত "নিৰ্ভয়া" নামেৰে পৰিচিত হৈছিল ৷
প্ৰায় 16,000 কাৰাবন্দী আবদ্ধ হৈ থকা দক্ষিণ-এছিয়াৰ সৰ্ববৃহৎ কাৰাগাৰ তিহাৰৰ ইতিহাসত একেলগে চাৰিজন অপৰাধীক ফাঁচি দিয়াটো এক উল্লেখজনক ঘটনা হিচাপে লিপিবদ্ধ থাকিব ৷ ইয়াৰ পূৰ্বে অপৰাধীৰ সকলো আবেদন খাৰিজ কৰা গৈছিল ৷ প্ৰায় দুমাহ পূৰ্বৰ পৰা অভিযুক্তৰ অধিবক্তাই দোষীক ৰক্ষা কৰিবলৈ উঠি-পৰি লাগিছিল ৷ ফলত পূৰ্বে ফাঁচিৰ বাবে নিৰ্ধাৰণ কৰা 22 জানুৱাৰীৰ তাৰিখটো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল দিল্লীৰ পাটিয়ালা হাউচ আদালতে ৷ অপৰাধী সকলক শুকুৰবাৰৰ পুৱা স্থানীয় সময় অনুসৰি 5.30 বজাত ফাঁচি দিয়া হয় বুলি কাৰাগাৰৰ মহা নিৰ্দেশক সন্দীপ গোৱেলে জানিবলৈ দিয়ে ৷