নিউজ ডেস্ক, ২২ জুন : লক্ ডাউনৰ মাজতে সোমবাৰে অলবৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা চাৰিজন বাংলাদেশী কাৰাবন্দী কাৰাগাৰৰ পৰা পলাবলৈ সক্ষম হয় ।
তথ্য অনুসৰি, দুপৰীয়া প্ৰায় ১ বজাত কাৰাগাৰৰ বেৰ ভাঙি পলাবলৈ সক্ষম হয় কয়দী চাৰিজনে । উক্ত ঘটনাৰ পিচতে শীৰ্ষ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে ।
ৰাজস্থানৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন চাৰিজন বাংলাদেশী কয়দী ইটিভি ভাৰতক অতিৰিক্ত আৰক্ষী অধীক্ষক শিৱলাল বেৰবাই জনাই যে, বিদেশী কাৰাবন্দী সকলৰ কাৰাবাস শেষ হোৱাৰ পিচত তেওঁলোকক এই স্থানলৈ অনা হয় আৰু সোমবাৰে দুপৰীয়া ১ মান বজাত তেওঁলোক পলাবলৈ সক্ষম হয় । লগতে তেওঁ এইবুলিও উল্লেখ কৰে যে, বৰ্তমান তেওঁলোকক বিচাৰি তদন্ত আৰম্ভ কৰা হৈছে । অতি সোণকালে আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হম ।
কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন চাৰি বাংলাদেশী কয়দীৰ উল্লেখযোগ্য যে, বিদেশী কাৰাবন্দী সকলৰ কাৰাবাস শেষ হোৱাৰ পিচত তেওঁলোকক সমৰ্পন কৰাৰ আগতে এই কেন্দ্ৰত ৰখা হয় । বাংলাদেশ আৰু পাকিস্তানৰ আটকাধীন কাৰাবন্দী সকলক উক্ত কাৰাগাৰখনত ৰখা হয় ।