অসম

assam

ETV Bharat / bharat

৯.৭২ কোটি টকা লুণ্ঠনৰ অভিযোগত গ্ৰেপ্তাৰ চাৰিজন - উত্তৰ প্ৰদেশৰ স্পেছল টাস্ক ফোৰ্চ

উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ পৰা পশুপালন বিভাগত নিবিদা দাখিলৰ নামত ৯.৭২ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগতে দেওবাৰে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনৰ ভিতৰত দুজন চৰকাৰী বিষয়া থকাৰ উপৰিও এজন সাংবাদিকো আছে বুলি সদৰি কৰে আৰক্ষীয়ে ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত ৯.৭২ কোটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চাৰিজন

By

Published : Jun 15, 2020, 12:05 PM IST

নিউজ ডেস্ক, ১৫ জুনঃ উত্তৰ প্ৰদেশৰ স্পেছিয়েল টাস্ক ফৰ্চে দেওবাৰে গ্ৰেপ্তাৰ কৰে চাৰিজন ব্যক্তিক । এটা টেণ্ডাৰ ৰেকেটত (Tender Racket) সংঘটিত দুৰ্নীতিৰ বাবেই দুজন বৰ্ষীয়ান চৰকাৰী বিষয়ববীয়াসহ চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । এজন ব্যক্তিৰ পৰা ৯.৭২ কোটি টকা লুণ্ঠন কৰাৰ বাবেই ব্যক্তি চাৰিগৰাকীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ।

গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজন পশুপালন, মৎস্য আৰু গাখীৰ উন্নয়ন মন্ত্ৰীৰ মুখ্য ব্যক্তিগত সচিব ৰজনীশ দীক্ষিত, মন্ত্ৰীৰ ব্যক্তিগত সচিব ধীৰজ কুমাৰ, সাংবাদিক অখিলেশ কুমাৰ আৰু আশীষ ৰায় বুলি এক বিবৃতিযোগে সদৰি কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ।

উত্তৰ প্ৰদেশত ৯.৭২ কোটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চাৰিজন

উল্লেখ্য যে, ইন্দোৰৰ নিবাসী মনজিৎ সিং ভাটিয়াই দাখিল কৰা অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰে ব্যক্তিকেইজনক । পশুপালন বিভাগত নিবিদা দাখিল কৰাৰ নামত ৯.৭২ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে মনজিৎ সিং ভাটিয়াই

অভিযোগৰ ভিত্তিতে হজৰতগঞ্জ আৰক্ষী থানাত IPCৰ বিভিন্ন ধাৰাৰ লগতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি কেইগৰাকীক ।

ABOUT THE AUTHOR

...view details