নেশ্বনেল ডেস্ক, 19 নৱেম্বৰঃসোমবাৰে বিয়লি ভাগত বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ ছিয়াচীনত সংঘটিত হয় এক ভয়ংকৰ হিমস্খলন ৷ ছিয়াচীনৰ উত্তৰ অংশত 19,000 ফুটত সংঘটিত হোৱা হিমস্খলনত ভাৰতীয় সেনাৰ চাৰিজনকৈ জোৱান নিহত হোৱাৰ লগতে আন দুগৰাকী পৰ্বতাৰোহীও নিহত হয় ৷
লগতে পঢ়কঃ ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
সেনাৰ এটি আঠজনীয়া দলে উক্ত অংশত নিয়মীয়া তালাচী অভিযান সামৰি উভটি অহাৰ সময়তে সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ ছিয়াচীনৰ 19,000 ফুট উচ্চতাত সংঘটিত হোৱা হিমস্খলনৰ বিষয়ে দলটো জ্ঞাত নাছিল, কিয়নো তেওঁলোকে 18,000 ফুট উচ্চতাত নিজৰ কৰ্তব্য সমাপন কৰি উভটি আহিছিল ৷ কিন্তু উভটি অহাৰ সময়তে ওপৰত সংঘটিত হোৱা হিমস্খলনৰ ফলত নামি অহা বৰফে আটাইকেইজনকে ঢাকি পেলায় ৷ ঘটনাৰ বিষয়ে জানিব পাৰি ততালিলে ঘটনাস্থলীৰ কাষৰীয়া তালাচী চকীৰ পৰা যোৱা সেনাৰ দলে আটাইকেইগৰাকীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও হাইপোথাৰ্মিয়াৰ ফলত ছয়জনৰ মৃত্যু হোৱা বুলি সদৰী কৰে ভাৰতীয় সেনাৰ উচ্চস্তৰীয় সূত্ৰই ৷ হিমস্খলনৰ পৰা দুগৰাকী সেনা জোৱান সুকলমে ৰক্ষা পৰে আৰু তেওঁলোকক বৰ্তমানে স্বাস্থ্য সেৱা প্ৰদান কৰি থকাৰ কথাও উল্লেখ কৰিছে সেনাৰ সূত্ৰই ৷
ঘটনাৰ পিচতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে শোকপ্ৰকাশ কৰিছে ৷ টুইটটোত "Deeply pained by the demise of soldiers and porters due to avalanche in Siachen. I salute their courage and service to the nation. My heartfelt condolences to their families," এইদৰে লিখি সেনা জোৱানকেইজনলৈ শ্ৰদ্ধাঞ্জলি আৰু তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰাজনাথ সিঙে ৷