নিউজ ডেস্ক, ২০ জুনঃ উত্তৰ প্ৰদেশৰ সহানপুৰস্থিত বাদশ্বাহী বাগৰ কাষত শুকুৰবাৰে বন বিভাগে উদ্ধাৰ কৰে হাতীৰ জীৱাশ্ম । বন বিভাগে লাভ কৰা জীৱাশ্মটো ৫ ৰ পৰা ৮ মিলিয়ন বছৰ পুৰণি তথা শিৱালিক ৰেঞ্জৰ দ্বাৰা নিৰ্মাণ কৰা বুলি অনুমান কৰা হৈছে বুলি জানিবলৈ দিয়ে সহানপুৰৰ মুখ্য বন সংৰক্ষক বি কে সেনে ।
উত্তৰ প্ৰদেশৰ সহানপুৰত উদ্ধাৰ ৫ ৰ পৰা ৮ মিলিয়ন বছৰ পুৰণি হাতীৰ জীৱাশ্ম - উত্তৰ প্ৰদেশৰ সহানপুৰ
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ সহানপুৰত বন বিভাগে উদ্ধাৰ কৰে হাতীৰ খোজ থকা এটি জীৱাশ্ম । সহানপুৰ বন বিভাগে উদ্ধাৰ কৰা জীৱাশ্মটো ৫ ৰ পৰা ৮ মিলিয়ন বছৰ পুৰণি বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে ।
উত্তৰ প্ৰদেশৰ সহানপুৰত উদ্ধাৰ ৫ ৰ পৰা ৮ মিলিয়ন বছৰ পুৰণি হাতীৰ জীৱাশ্ম
আনহাতে, সেনে কয় যে, হাতীৰ জীৱাশ্মটো বিগত এসপ্তাহ আগতে লাভ কৰা হৈছে । শিলাখণ্ডটি পৰীক্ষা কৰাৰ পাচতহে এইটো বহু বছৰ পুৰণি বুলি ঘোষণা কৰে । লগতে কয় যে, "আমি ৱাডিয়া সংস্থাৰ পৰা পৰামৰ্শ লোৱাৰ উপৰিও এজন বৈজ্ঞানিকে এই জীৱাশ্মটো ৫ ৰ পৰা ৮ মিলিয়ন বছৰ পুৰণি বুলি সদৰি কৰে । আমি লাভ কৰা এইটোৱেই প্ৰথম জীৱাশ্ম । যাৰ বাবে আমি এই জীৱাশ্মটো সংৰক্ষণ কৰিবলৈ প্ৰয়াস কৰিম । আৰু এই জীৱাশ্মৰ আধাৰতে আমি সন্ধান চলাই আৰু অধিক কিবা লাভ কৰিম বুলিও আমি আশাবাদী ।"