অসম

assam

ETV Bharat / bharat

কলকাতা পুজা মণ্ডপলৈ ন্যায়ালয়ৰ "নিষিদ্ধ এলেকা" ঘোষণাৰ নিৰ্দেশ

কলকাতা উচ্চতম ন্যায়ালয়ে দৰ্শনাৰ্থীৰ বাবে পুজা মণ্ডপলৈ "নিষিদ্ধ এলেকা" ঘোষণা কৰাৰ নিৰ্দেশ ৷ কাইলৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি ৷

By

Published : Oct 21, 2020, 2:19 PM IST

Forum for durgapuja Seek Review Of 'Pandals No-Entry Zones Order
কলকাতা পুজা মণ্ডপলৈ ন্যায়ালয়ৰ "নিষিদ্ধ এলেকা" ঘোষণাৰ নিৰ্দেশ

নেশ্য়নেল ডেস্ক 21 অক্টোবৰ : কলকাতাৰ 400 খন দুৰ্গা পূজালৈ ক'ৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ কাৰণে উচ্চতম ন্যায়ালয়ে দৰ্শনাৰ্থীৰ বাবে "নিষিদ্ধ এলেকা"ঘোষণা কৰাৰ নিৰ্দেশ ৷ কাইলৈ উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব ৷ কলকাতাৰ আটাইতকৈ ডাঙৰ উৎসৱ দুৰ্গা পূজালৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত উচ্চতম ন্যায়ালয়ৰ এনে ঘোষণাত দুৰ্গোৎসৱ উদযাপন সমিটি সমূহ একেলগ হৈ আদালতৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মঙলবাৰে,উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল যে পূজা মণ্ডপত মাথো দুৰ্গোৎসৱ উদযাপন সমিটিৰ সদস্য আৰু পুজাৰ বাবে মাত্ৰ 25 জন লোককহে অনুমতি দিয়া হ'ব ৷ উদযাপন সমিটিৰ সদস্যসকলৰ নাম সমূহ এখন বোৰ্ডত ওলোমাই থ'ব লাগিব,সেই নাম সমূহ সলনি কৰিব নোৱাৰিব ৷ ন্যায়ালয়ে লগতে কয় যে,পূজা মণ্ডপৰ বাহিৰত বেৰিকেড লগোৱাটো বাধ্যতামূলক ৷ সৰু পুজা মণ্ডপৰ প্ৰৱেশ পথত পাঁচ মিটাৰ দূৰত আৰু ডাঙৰ পুজা মণ্ডপৰ প্ৰৱেশ পথত তাৰ দুগুণ দূৰত বেৰিকেড লগোৱাটো বাধ্যতামূলক ৷

ন্যায়ালয়ৰ এনে ঘোষণাত দুৰ্গোৎসৱ উদযাপন সমিটি সমূহে কয় যে,"আদালতৰ এনে নিৰ্দেশ আমাৰ বাবে ডাঙৰ প্ৰতিবন্ধকতা ৷ বিগত চাৰি মাহে আমি পূজা মণ্ডপৰ বাবে কাম কৰি আছো ৷ দৰ্শনাৰ্থীৰ বাবে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছো,প্ৰৱেশ পথত ছেনিটাইজাৰৰ ব্যৱস্থাও কৰা হৈছে ৷"

লগতে পঢ়ক :কোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

ABOUT THE AUTHOR

...view details