নেশ্যনেল ডেস্ক, 22 অক্টোবৰ:তেলেংগানাৰ প্ৰক্তন গৃহমন্ত্ৰী তথা তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ জ্যেষ্ঠ নেতা নায়নি নৰসিংহ ৰেড্ডীৰ দেহাৱসান ৷ বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
86 বৰ্ষীয় নেতাগৰাকীৰ দেহত ছেপ্তেম্বৰৰ 28 তাৰিখে ধৰা পৰিছিল Covid-19 ৰ অৱস্থিতি ৷ অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচত তেওঁ সুস্থও হৈ উঠিছিল ৷ কিন্তু প্ৰায় 3 দিন পূৰ্বে পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক জুবলী হিলস্থিত এপ'লো হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ তেওঁক চিকিৎসালয়ত ভেণ্টিলেটৰত ৰখা হৈছিল ৷