নেশ্যনেল ডেস্ক, 2 জুন : প্ৰাক্তন বিজেপি নেতা তথা তামিলনাডু বিজেপিৰ সভাপতি কে. এন. লক্ষ্মননৰ সোমবাৰে মৃত্যু হয় ৷ 92 বছৰ বয়সত ছালেমস্থিত বাসভৱনত তেওঁৰ স্বাভাৱিক মৃত্যু হোৱা বুলি বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি থৈ যায় ৷
2001-06 চনলৈ মাইলাপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল লক্ষ্মননে আৰু তামিলনাডু বিজেপিত দুবাৰকৈ সভাপতিৰ পদ দখল কৰিছিল ৷
বৰ্ষীয়ান নেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ জৰুৰীকালিন বিৰোধী আন্দোলনৰ(anti-Emergency movement) সময়ত আগবঢ়োৱা অৱদানৰ লগতে তামিলনাডুত বিজেপিৰ প্ৰসাৰত লক্ষ্মননৰ অৱদানক সোঁৱৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ টুইটাৰৰ জৰিয়তে এই শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷
ইয়াৰোপৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও টুইটাৰৰ জৰিয়তে লক্ষ্মননৰ পৰিয়াললৈ শোক বাৰ্তা প্ৰেৰণ কৰে ৷
লক্ষ্মননৰ নীতি আৰু সাধাৰণ জীৱন-যাপনক সোঁৱৰি তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰঞ্জনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ ডিএমকেৰ সভাপতি এম. কে. ষ্টেলিনেও বৰ্ষীয়ান নেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷