অসম

assam

ETV Bharat / bharat

ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী - Pranab Mukherjee

দিল্লীৰ আৰ্মী হাস্পতালত সম্প্ৰতি চিকিৎসাধীন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ সোমবাৰে পুৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷

Former President Pranab Mukherjee on ventilator support after successful brain surgery: Sources
Former President Pranab Mukherjee on ventilator support after successful brain surgery: Sources

By

Published : Aug 11, 2020, 2:30 AM IST

নিউজ ডেস্ক, 11 আগষ্ট :সোমবাৰে নিশা দিল্লীৰ আৰ্মী হাস্পতাল ৰিচাৰ্জ এণ্ড ৰেফৰলত মতিষ্কৰ সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হয় প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ জানিবলৈ পৰা মতে, ৰাষ্ট্ৰপতিগৰাকীৰ মতিষ্কত থকা ঘনীভূত দ্ৰব্য (clot) সফল ভাৱে আঁতৰাবলৈ সক্ষম হয় চিকিৎসকে ৷ বৰ্তমানে ভেণ্টিলেটৰত ৰখা হৈছে প্ৰণৱ মুখাৰ্জীক ৷

অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে নিয়মীত পৰীক্ষণত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ উপস্থিতি ৷ 84 বছৰীয়া মুখাৰ্জীয়ে স্বয়ং টুইট যোগে নিজৰ ক’ভিড পজিটিভৰ কথা প্ৰকাশ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক ছেল্ফ আইচ’লেচন আৰু কৰ’ণাৰ পৰীক্ষা কৰাৰ আহ্বান জনাইছিল ৷

ইয়াৰ পাচতেই অৰবিন্দ কেজৰিৱাল, পিয়ুষ গোৱেলকে আদি কৰি বহু লোকে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দ্ৰুত আশু আৰোগ্য কামনা কৰে ৷ আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে হাস্পতাললৈ গৈ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷

উল্লেখ্য যে, 2012 চনৰ পৰা 2017 চনলৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদতত অধিষ্ঠিত আছিল প্ৰণৱ মুখাৰ্জী ৷

লগতে চাওক-COVID-১৯ : ৰাজ্যত পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ

ABOUT THE AUTHOR

...view details