ভাৰতত প্ৰৱেশৰ সময়ত গ্ৰেপ্তাৰ মালদীপৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি
মালদীপৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আহমেদ আডিদক গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় উপকূলৰক্ষীবাহিনীয়ে ৷লগতে জব্দ কৰিছে 'VIRGO-9' নামৰ ইন্দোনেছিয়ান ভেছেল এখন ৷
নিউজ ডেস্ক, 1 আগষ্টঃ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে মালদীপৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিক ৷ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে বাহিনীটোৱে গ্ৰেপ্তাৰ কৰে মালদীপৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আহমেদ আডিদক ৷ তামিলনাডুৰ থুথুকোন্দি উপকূলৰ পৰা ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ লগতে 8গৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে 'VIRGO-9' নামৰ ইন্দোনেছিয়ান ভেছেল এখন ৷ শেহতীয়াকৈ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীক থুথুকোন্দিৰ ভি. অ. চিদামৰাৰ্ণাৰ জাহাজ ঘাটস্থিত অস্থায়ী শিবিৰত ৰাখি অনুসন্ধান অব্যাহত ৰাখিছে ৷