অসম

assam

ETV Bharat / bharat

বীকানেৰ পূৰ্ব মহাৰাণী পদ্মা কুমাৰীৰ দেহৱসান - বীকানেৰ

বীকানেৰ পূৰ্ব মহাৰাণী পদ্মা কুমাৰীৰ দেহৱসান । সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে পদ্মা কুমাৰীয়ে । পূৰ্বৰ পৰা হৃদৰোগত আক্ৰান্ত পদ্মা কুমাৰীৰ সোমবাৰে মুলছন্দ হাৰ্ট হাস্পতালত হৈ মৃত্যু হয় ।

বীকানেৰ
বীকানেৰ পূৰ্ব মহাৰাণী পদ্মা কুমাৰীৰ দেহৱসান

By

Published : Jun 9, 2020, 2:27 PM IST

নিউজ ডেস্ক, ৯ জুনঃ ৰাজস্থানৰ বীকানেৰ পূৰ্ব মহাৰাণী পদ্মা কুমাৰীৰ দেহৱসান । সোমবাৰে মুলছন্দ হাৰ্ট হাস্পতালত মৃত্যু হয় পদ্মা কুমাৰীৰ ।

খবৰ অনুসৰি, বীকানেৰ পূৰ্ব মহাৰাণী পদ্মা কুমাৰী হৃদৰোগত আক্ৰান্ত আছিল । কিন্তু সোমবাৰে নিশা উশাহ লোৱা সমস্যাৰ সন্মুখীন হোৱা পাচতে পদ্মা কুমাৰীক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসা চলি থকা অৱস্থাতে মৃত্যু হয় বীকানেৰ পূৰ্বৰ মহাৰাণী গৰাকীৰ ।

বীকানেৰ পূৰ্ব মহাৰাণী পদ্মা কুমাৰীৰ দেহৱসান

আনহাতে, বীকানেৰ পূৰ্ব মহাৰাণী পদ্মা কুমাৰীৰ অন্তিম ক্ষণত তেখেতৰ সৈতে হাস্পতালত উপস্থিত থাকে তেখেতৰ কন্যা তথা বৰ্তমানৰ বিজেপিৰ বিধায়িকা সিন্ধি কুমাৰীসহ কিছু সংখ্যক আত্মীয় ।

উল্লখ্য যে, মহাৰাণী পদ্মা কুমাৰী হিমাছল প্ৰদেশৰ চম্বা ৰাজপৰিয়ালৰ কন্যা আছিল । ৰাজস্থানৰ বীকানেৰ পূৰ্ব মহাৰাজা নৰেন্দ্ৰ সিঙৰ লগত বিবাহ-পাশত আৱদ্ধ হয় পদ্মা কুমাৰী । আনহাতে, মহাৰাজা নৰেন্দ্ৰ সিঙৰ ২০০৩ চনত মৃত্যু হয় ।

ABOUT THE AUTHOR

...view details