নেশ্যনেল ডেস্ক, 9 জুন : বিকানেৰৰ প্ৰাক্তন মহাৰাণী পদ্মা কুমাৰীৰ সোমবাৰে হালদিৰাম মূলচান্দ হাৰ্ট হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে ৷ তথ্য অনুসৰি, বুকুৰ বিষ অনুভৱ কৰা বাবে প্ৰাক্তন মহাৰাণী গৰাকীক নিশাৰ ভাগতে হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ হাস্পতালত তেওঁক চিকিৎসাধীন কৰা হৈছিল যদিও তেওঁৰ স্বাস্থ্য পূৰ্বতকৈও অৱনতি ঘটে ৷ ইয়াৰ কিছু সময় পাচতে তেওঁ মৃত্যুক সাৱটি লয় ৷
এই সময়ছোৱাত তেওঁৰ সৈতে হাস্পতালত উপস্থিত থাকে কন্যা ছিধী কুমাৰী, পূৱ বিকানেৰৰ বিজেপি বিধায়ক আৰু ৰাজপৰিয়ালৰ কিছু লোক ৷