নিউজ ডেস্ক, 5 আগষ্টঃ বাংগালুৰুৰ তুমকুৰু জিলাৰ চিৰা বিধানসভাৰ বিধায়ক বি সত্যনাৰায়ণৰ দেহৱসান ৷ দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বি সত্যনাৰায়ণৰ মঙলবাৰে নিশা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷
কৰ্ণাটকৰ বিধায়ক বি সত্যনাৰায়ণৰ দেহৱসান - কৰ্ণাটকৰ বিধায়ক বি সত্যনাৰায়ণৰ দেহৱসান
বাংগালুৰুৰ মণিপাল হাস্পতালত চিকিসাধীন অৱস্থাত মঙলবাৰে মৃত্যু হয় কৰ্ণাটকৰ চিৰা বিধানসভাৰ বিধায়ক বি সত্যনাৰায়ণৰ ৷ দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বি সত্যনাৰায়ণ ৷ মৃত্য়ুৰ সময়ত বিধায়কগৰাকীৰ বয়স আছিল 69 বছৰ ৷
কৰ্ণাটকৰ বিধায়ক বি সত্যনাৰায়ণৰ দেহৱসান
উল্লেখ্য যে, কৰ্ণাটকৰ চিৰা বিধানসভাত দীৰ্ঘদিন ধৰি বিধায়কৰ পদত থকা বি সত্যনাৰায়ণ দীৰ্ধদিন ধৰি যকৃত ৰোগত ভুগি থকা বাবেই চিকিসাধীন হৈ আছিল অল্ড এয়াৰপোৰ্ট ৰোডস্থিত মণিপাল হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ 69 বছৰীয়া বিধায়কগৰাকীক 2018 চনত তুমকুৰ জিলাৰ বিধায়কৰূপে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল ৷ আনহাতে, বিধায়কগৰাকীক মহামাৰী কৰ'ণাৰ পৰীক্ষা কৰা হয় যদিও নিগেটিভ আহিছিল বুলি সদৰি কৰে হাস্পতাল কৰ্তৃপক্ষই ৷
লগতে পঢ়ক :ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ