নিউজ ডেস্ক , 2 ডিচেম্বৰ:ৰাজাপাক্ষা ভাতৃদ্বয়ে কলম্বোত শক্তি আহৰণ কৰাৰ পাচতে প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণে সতৰ্ক কৰি দিছে যে অতীতৰ প্ৰচ্ছায়াই ভৱিষ্যতৰ ভাৰত-শ্ৰীলংকাৰ সম্পৰ্কত প্ৰভাৱ পেলাব নালাগে । প্ৰাক্তন শীৰ্ষ কূটনীতিবিদগৰাকীয়ে লগতে কৈছে যে চুবুৰীয়া দেশখনত চীনৰ বৰ্ধিত প্ৰভাৱৰ কথাটো সঁচা আৰু চীনেই ভাৰতৰ বাবে প্ৰকৃত প্ৰত্যাহ্বান । বেইজিঙৰ সৈতে লীগত থকাৰ বাবে পাকিস্তানক ভাৰতৰ বাবে ভাবুকি বুলি ভবা হৈছে । কিন্তু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অবিৰতভাৱে ইছলামবাদৰ বিষয়ে নতুন দিল্লীয়ে কৈ কৈ ইয়াক অধিক গুৰুত্ব প্ৰদান কৰিছে । জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰিজিঅ’নেল কম্প্ৰিহেনচিভ ইক’নমিক পাৰ্টনাৰশ্বিপ অৰ্থাৎ আৰ চি ই পিত ভাৰত অন্তৰ্ভুক্ত নোহোৱাৰ সিদ্ধান্তত চৰণে অসন্তুষ্টি ব্যক্ত কৰে । তেওঁ লগতে আঙুলিয়াই দিয়ে যে দেশত বহু সমালোচনা হ’লেও ১৯৯৬ চনত নৰসিমহা ৰাও চৰকাৰে অৰ্থনীতিক উদাৰীকৰণৰ বাবে গ্ৰহণ কৰা নীতিয়ে বহু লাভাংশ দিবলৈ সক্ষম হৈছিল । চৰণৰ মতে ভাৰতে আৰ চি ই পিৰ পৰা দূৰত্বত অৱস্থান কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশৰ লগতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ আশাও ক্ষীণ । কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক বুলি গৃহমন্ত্ৰীয়ে কৰা দাবীকো তেওঁ প্ৰশ্ন কৰাৰ লগতে পৰিস্থিতি শীঘ্ৰে উন্নত নহ’লে বন্ধু দেশসমূহেও সমালোচনা কৰিবলৈ ল’ব বুলি সকীয়াই দিয়ে । শেহতীয়াকৈ প্ৰকাশিত ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত কালাপানীৰ স্থিতিকলৈ কাঠমাণ্ডুৰ সৈতে হোৱা কূটনৈতিক বিতৰ্ক সম্পৰ্কত চৰণে এয়া অপ্ৰয়োজনীয় বুলি কোৱাৰ লগতে ভাৰত-নেপাল সীমাৰ ভিত্তি পূৰ্বৰ দৰে অনুৰূপ মানচিত্ৰ এখনকলৈ নেপালৰ একাংশ ন্যস্ত স্বাৰ্থজড়িত ৰাজনৈতিক মহলৈ বিতৰ্কৰ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে । ইটিভি ভাৰতৰ সৈতে হোৱা শ্যাম চৰণৰ সম্পূৰ্ণ সাক্ষাৎকাৰটো ইয়াত আগবঢ়োৱা হ’ল ।
প্ৰশ্নঃ গোটাবায়া ৰাজাপাক্ষা আৰু মহিন্দা ৰাজাপাক্ষা ক্ৰমে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে । এই সম্পৰ্কত ভাৰতত অব্যাহত ধাৰাভাষ্য অনুসৰি চীনৰ পুনৰ প্ৰভাৱ বৃদ্ধিক লৈ আশংকা প্ৰকাশ কৰা হৈছে । এই সম্পৰ্কত নতুন দিল্লীৰ দৃষ্টিভংগী কেনেধৰণৰ হ’ব লাগে?
-অতীতে যাতে ডিঙিত মেৰ খাই নধৰে সেয়া নিশ্চিত কৰাটো কূটনীতিৰ বাবে ভাল । শ্ৰীলংকাৰ ক্ষমতাত ৰাজাপাক্ষা ভাতৃৰ প্ৰত্যাৱৰ্তনে ভাৰত-শ্ৰীলংকাৰ সম্পৰ্কক লৈ নানা শংকাৰ সৃষ্টি কৰিছে যদিও কিন্তু আমি ভাবিব লগে যে এতিয়াও এই সম্পৰ্কৰ অগ্ৰগতিৰ বাবে যথেষ্ট সুযোগ আছে । এই সম্পৰ্ক অতি শক্তিশালী আন্তৰিকাতা আৰু দুয়োখন দেশৰ অৰ্থনৈতিক বন্ধুত্বৰে পৰিপূৰ্ণ । বিগত কিছু বছৰত দক্ষিণ বাৰতৰ সৈতে শ্ৰীংকাৰ একধৰণৰ একাত্মীয়তা সৃষ্টি হৈছে যিয়ে দেশখনক বহুধৰণে উপকৃত কৰিছে । সেয়ে যদি ৰাজাপাক্ষাসকল বিদগ্ধ নেতা হয় ( মই ভাবোঁ হয়) তেওঁলোকে তেন্তে তেওঁলোকে ভাৰত-শ্ৰীংকাৰ সম্পৰ্কৰ অগ্ৰগতিৰ ফলত হ’ব পৰা লাভসমূহ দেখা পাব । অতীতে যাতে এই সম্পৰ্কৰ অগ্গতিত বাধা নিদিয়ে সেয়াও তেওঁলোকে নিশ্চিত কৰিব । চীনৰ বিনিয়োগৰ ফলত শ্ৰীলংকাই চীনৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল হৈ পৰাৰ লগতে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলিও শ্ৰীলংকাত চৰ্চা চলি আহিছে । সেয়ে সম্ভৱত ভাৰত আৰু চীনৰ সৈতে শ্ৰীলংকাৰ অধিক নিয়ন্ত্ৰিত সম্পৰ্কৰ পোষকতা কৰা হৈছে ।
প্ৰশ্নঃ ভাৰতৰ বাবে কেৱল বেক ছীটত বহি শ্ৰীলংকাৰ ঘৰুৱা খেল উপভোগ কৰি থকাটো সঠিক হ’ব জানো?
-শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চিৰিসেনা আৰু প্ৰধানমন্ত্ৰী ৱিইক্ৰামসিংঘেই বিভিন্ন সময়ত ভাৰতক কেন্দ্ৰ কৰি অৱতীৰ্ণ হোৱা ঘৰুৱা শক্তি যুদ্ধ আমি দেখিছোঁ । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা চুবুৰীয়া দেশৰ ঘৰুৱা ৰাজনীতিত সোমোৱাটো ভাল ধাৰণা নহয় । কেতিয়াবা এয়া অনিবাৰ্য হৈ উঠিলেও অতিৰিক্তভাৱে ঘৰুৱা ৰাজনীতিত জড়িত হৈ পৰাটো ভাল কথা নহয় । চুবুৰীয়া দেশৰ কোনোবা নেতাক বন্ধু, কোনোবা নেতাক শত্ৰু হিচাপে আখ্যা দিয়াৰ ফলত আমাৰ কোনোধৰণৰ লাভ নহয় । তাৰ সলনি কিছু সমূহিক উদ্দেশ্য, একতা, নীতিৰ ভিত্তি এই সম্পৰ্ক সুদৃঢ় কৰিব লাগে যাতে অধিক লাভ হয় । সেয়ে মই শ্ৰীলংকা বা আন চুবুৰীয়া দেশৰ আভ্যন্তৰীণ ৰাজনীতি সন্দৰ্ভত বেছি গুৰুত্ব প্ৰদান নকৰিম কাৰণ সেইবোৰ ঘৰুৱা ৰাজনীতি নিৰ্ধাৰণ কৰিবলৈ আমাৰ যথেষ্ট সংস্থা নাই । সাৱধানতাৰে এই আভ্যন্তৰীণ বিষয়সমূহ লক্ষ্য কৰি দুয়োখন দেশৰ উমৈহতীয়া স্বাৰ্থত কেনেদৰে উপনীত হ’ব পাৰি তাৰ প্ৰতিহে সচেষ্ট হোৱা উচিত ।
প্ৰশ্নঃ মোডী চৰকাৰে বাহ্যিকতাত খুউব গুৰুত্ব প্ৰদান কৰে । গোটাবায়াৰ শপত গ্ৰহণৰ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ কলম্বোত উপস্থি হয় । প্ৰথমটো চৰকাৰী কাৰ্যসূচী হিচাপে গোটাবায়াই দিল্লীলৈ অহাটো কিমান গুৰুত্বপূ্ৰ্ণ? ইয়াৰ কিবা তাৎপৰ্য আছেনে?
-বহু বৈদেশিক সম্পৰ্ক কেৱল বাহ্যিকতা আৰু ধাৰণাকেন্দ্ৰিক বুলি আণি অস্বীকাৰ কৰিব নোৱাৰোঁ । সেয়া গুৰুত্বপূ্ৰণ নহয় বুলি মই নস্যাৎ নকৰোঁ । গোটাবায়াই শপত গ্ৰহণ কৰাৰ পাছতে জয়শংকৰে শ্ৰীলংকালৈ যোৱা কথাটো ভাল হৈছে কাৰণ ইয়াৰ ফলত আমি শ্ৰীলংকাৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ কিমান গুৰুত্ব প্ৰদান কৰিছোঁ সেয়া প্ৰকট কৰে । নিশ্চয় কেৱল বাহ্যিকতাই যথেষ্ট নহয় । কাৰ্যকৰী ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব ।গোটাবায়াই তেওঁৰ প্ৰথম চৰকাৰী ভ্ৰমণসূচীত ভাৰতক বাছি লোৱাটোৱেও তেওঁ ভাৰতৰ প্ৰতি দেখুওৱা গুৰুত্বকে প্ৰমাণ কৰে । কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ বাবে ইয়াক সুযোগ হিচাপে আমি ল’ব লাগিব । উদাহৰণস্বৰপে অৰ্থনৈতিক বন্ধুত্বৰ চুক্তি-কেনেদৰে আমি দেশ দুখনৰ মাজত আৰ্থিক বুজাবুজি বৃদ্ধি কৰিব পাৰোঁ । শ্ৰীলংকা বিদ্যুৎ যোগানৰ বাবে ক্ৰছ চেনেল কেবলৰ বৃহৎ পৰিকল্পনা আছে বুলি মোৰ বিশ্বাস । তেনেধৰণৰ বিষয়ে আমাৰ সম্পৰ্কক প্ৰকৃততে শক্তিশালী কৰি তুলিব । বাণিজ্যৰ ক্ষেত্ৰত কলম্বো বন্দৰ অতি গুৰুত্বপূৰ্ণ ।ভাৰতৰ বাবে ই অধিক গুৰুত্ব বহন কৰি আহিছে । গতিকে এনেবোৰ সম্পৰ্ক আমি কেনেদৰে অধিক সুদৃঢ় কৰিম ? দুয়োখন দেশৰ মাজত চলি থকা অবিৰত যোগাযোগ আমি বহুতে লক্ষ্যই কৰা নাই । ভাৰত-শ্ৰীলংকাৰ মাজত সপ্তাহত ১২০ খন উৰাজাহাজ চলাৰ লগতে আৰু অধিক সংযোজন হোৱাৰ সম্ভাৱনা আছে । এইবোৰ বিষয়ক লৈ আমি উৎসাহী হোৱাৰ লগতে ইয়াক লৈ সম্পৰ্ক মজবুত কৰিব পাৰোঁ । এটা কথা স্পষ্ট যে চীনে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰি আহিছে । আনহাতে আমাৰ সক্ষমতা আৰু ব্যৱহাৰ কৰিব পৰা সম্পদৰ ফালৰ পৰা আমি সুবিধাজনক স্থিতিত নাই । শ্ৰীলংকা, নেপাল বা বাংলাদেশ য’তেই নহওক এই অসুবিধাসমূহ দূৰ কৰাৰ বাবে আমি চেষ্ট কৰিব লাগিব । আমাৰ প্ৰকৃত সম্পদ হৈছে যে আমি এই দেশসমূহৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰিব পাৰোঁ যাতে তেওঁলোকৰ বৈদেশিক নীতিত ভাৰতে প্ৰাধান্য লাভ কৰে ।
প্ৰশ্নঃ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু বৈদেশিক সচিব এচ এচ মেননে ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত কলম্বো বন্দৰৰ কথা উল্লেখ কৰি কৈছিল যে ভাৰতে চীনৰ বেল্ট এণ্ড ৰোড পদক্ষেপক সম্পূৰ্ণৰূপে বিৰোধিতা কৰিব নালাগে । এই সন্দৰ্ভত আপোনাৰ মতামত কেনেধৰণৰ?
কোনোবাই যদি কাবা এক মঞ্চ তৈয়াৰ কৰে তাৰ মানে এয়া নহয় যে সেই মঞ্চৰ ওপৰত তেওঁলোকৰহে একছেটীয়াকৈ ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব । যদি সেই মঞ্চখন আমাৰ স্বাৰ্থক সুৰক্ষিত কৰে সেয়া আমি ব্যৱহাৰ কৰিব লাগে । আনকি কলম্বো বন্দৰৰ লগত সংলগ্ন কিছু সুৰংগ চীনে নিৰ্মাণ কৰিছে । এই সুৰংগসমূহ আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ বাবে ব্যৱহৃত । সেয়ে এইবোৰ চীনে নিৰ্মাণ কৰিছে বাবে যে আমাৰ লগত একো লেনদেন নাই বুলি ক’ম সেয়া উচিত নহয় । এই আহ্বান চীন আৰু যিখন দেশত নিৰ্মাণ কৰা হৈছে সেই দেশখনেই কৰিব লাগিব ।
প্ৰশ্নঃ কিন্তু ভাৰতে বি আৰ আইৰ বিৰোধিতা কৰাৰ মূল কাৰণ পাক অধিকৃত কাশ্মীৰৰ চি পি ই চিহে । বিভিন্ন কাৰণত এই সতৰ্কতা অৱলম্বন কৰা হৈছে । এছিয়া আন্তঃগাঁথনি বেংকা অৰ্থাৎ এ আই আই বি আৰু ব্ৰিকছ উন্নয়ন বেংকৰ মাজত থকা পাৰ্থক্যক আপুনি কেনেদৰে চায়?
-এই দুয়োটা ক্ষেত্ৰতে ভাৰত উৎসাহী অংশগ্ৰহণকাৰী যদিও চীনেহে নেতৃত্ব বহন কৰিছে । এ আই আই বিত দ্বিতীয় বৃহৎ অংশ ভাৰতৰ আছে । কিন্তু এই দুয়োটা অনুষ্ঠান গঠন, ঋণ প্ৰদান নীতি, প্ৰকল্পসমূহৰ গুৰুত্ব নিৰ্ধাৰণ আদিত ভাৰতৰ ভূমিকা তেনেই সীমিত যদিও এ আই আই বিৰ পৰা অধিক ঋণ লাভ কৰা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম । বি আৰি আই কিয় বেলেগ? কাৰণ এয়া এক বহুপাক্ষিক প্ৰকল্প নহয় । এয়া চীনে পৰিকল্পনা কৰা চীনে ব্যয় কৰা এক প্ৰকল্প য’ত আমাৰ কোনো অংশ নাই বা এই অস্পষ্ট প্ৰক্লপ সম্পৰ্কেও আমাৰ অধিক ধাৰণা নাই । সেয়ে এই গোলকীয় পদক্ষেপে কেনেদৰে প্ৰভাৱ পেলাব সেই সম্পৰ্কে কোনো ধৰণৰ আলোচনা নাই । উদাহৰণস্বৰূপে ভাৰত আৰু চীনে কোনো এখন তৃতীয় দেশৰ এক প্ৰকল্পত সহযোগিতা আগবঢ়াব পাৰে । কাৰণ দুয়োখন দেশ আৰু সহযোগী ৰাষ্ট্ৰৰ ইয়াৰ সৈতে স্বাৰ্থ জড়িত আছে । আমি বি আৰ আইৰ ক্ষেত্ৰত আদৰ্শগত স্থিতি লোৱা নাই ।
প্ৰশ্নঃ বি আৰ আইৰ ক্ষেত্ৰত সহযওগিতা আগবঢ়াই চীনৰ সৈতে সংঘাত থকা বিষয়সমূহ সমাধান কৰিব পাৰি নেকি?
-সেয়া কৰিবলৈ মই পৰামৰ্শ নিদিম । বি আৰ আই গঠন সন্দৰ্ভত আমাৰ অতি যুক্তিপূৰ্ণ সন্দেহ আছে । সেয়ে মই সেই সন্দেহ ত্যাগ কেতিয়াও নকৰোঁ । বি আৰ আই সন্দৰ্ভত আমাৰ ৰক্ষণশীল মনোবৃত্তি থাকিলেও মই ক’ম যে চীনৰ সৈতে কাম কৰিবলৈ বেছি কাষ নচপাই ভাল । যদিহে এয়া অৰ্থনৈতিকভাৱে অতি ফলপ্ৰসূ নহয় বা চীন-ভাৰত আৰু তৃতীয় দেশখনৰ স্বাৰ্থ জড়িত নাথাকে ।
প্ৰশ্নঃ আৰ চি ই পিত অন্তৰ্ভুক্ত নোহোৱাটো ভাৰতৰ বাবে কিমান অৰ্থপূৰ্ণ?
-আৰ চি ই পিত ভাৰতে যোগদান নকৰাৰ বাবে মই অত্যন্ত দুঃখিত । কিয়নো আঞ্চলিক বা গোলকীয় অৰ্থনীতিৰ অংশ নোহোৱাকৈ ভাৰতৰ আঞ্চলিক বা গোলকীয় শক্তি হোৱাৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰি । এই ধৰণৰ প্ৰতিৰক্ষামূলক স্থিতিৰ কোনো নিশ্চয়তা নাই ।
প্ৰশ্নঃ চীনা সামগ্ৰীৰ ডাম্পিং গ্ৰাউণ্ড হিচাপে যাতে ভাৰত পৰিণত নহয় সেই বাবে ভাৰতে আৰ চি ই পিত যোগদান কৰা নাই বলি কোৱা হৈছে ।
-নৰসিমহা ৰাৱৰ সময়ত মই প্ৰঠধানমন্ত্ৰী কাৰ্যালয়ত কৰ্মৰত আছিলোঁ । সঁচাকৈ সেয়া সংকটৰ সময় আছিল । ভাৰতৰ অৰ্থনীতি মুক্ত কৰা হ’বনে নাই, বৃহৎ সংস্কাৰ নে উদাৰীকৰণ-এইবোৰ বিষয়ত তৰ্ক হৈছিল । তেতিয়াৰ দৰে একেধৰণৰ তৰ্ক-বিতৰ্ক বৰ্তমানো কৰা হৈছে বাবেহে মই চিন্তিত ।
সঁচাকৈ তেতিয়াৰ ৰাজনৈতিত নেতৃত্বই এক নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰিছিল যিটো চৰকাৰখনৰ বাবে ৰাজনৈতিকভাৱে অতি প্ৰত্যাহ্বানমূলক আছিল । কিন্তু পৰৱৰ্তী বিশ বছৰত আপুনি তাৰ ফলাফল দেখিছে । ৩-৩.৫ বিকাশৰ পৰা ভাৰতৰ অৰ্থনীতিয়ে ৮-৯ শতাংশলৈ গতি কৰিছে । এক শক্তিশালী নেতৃত্বলৈ উপনীত হোৱাৰ বাবে আকাংক্ষা কৰা এই অৱস্থালৈ কেনেদৰে অহা হৈছে? এয়া বিগত বিশ বছৰত ৮-৯ শতাংশ বিকাশৰ ফলত সংগৃহীত মূলধনৰ বাবেহে সম্ভৱ হৈছে । গতিকে আমাৰ হাতত প্ৰমাণিত তথ্য আছে । অভিজ্ঞতাই কৈছে যে সংস্কাৰৰ দ্বাৰা, ভাৰতীয় অৰ্থনীতিক মুক্ত কৰি, বিশ্বায়নক আঁকোৱালি লৈ অৰ্থনৈতিক সক্ষমতা আৰ্জন কৰা হৈছে আৰু অগ্ৰণী শক্তি হিচাপে চাব পৰা পৰ্যায় লাভ কৰিছে । তেনে অভিজ্ঞতা থকাৰ পাছতো আমি কিয় একেবোৰ পুৰণি বিতৰ্কৰ পুনৰাবৃত্তি কৰি আছোঁ আৰু এক বিফল অৰ্থনীতিলৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছোঁ?
প্ৰশ্নঃ শেহতীয়া বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত এয়া ৰাজনৈতিক অংক নেকি?
-দেশত নিৰ্বাচন সকলো সময়তে হৈ থাকিব । যেতিয়াই আমি ভাৰত-আমেৰিকাৰ পাৰমাণৱিক চুক্ত সম্পন্ন কৰিবলৈ আগবাঢ়োঁ, যেতিয়াই আমি অগ্ৰগতদি লাভ কৰোঁ তেতিয়াই কোনোবাই আহি ক’ব যে বৰ্তমান সময়ৰ বাবে এয়া স্থগিত ৰাখা কাৰণ নিৰ্বাচন আহি আছে । ৰাজনৈতিক পৰিৱেশে সদায় নিৰ্বাচনৰ মুখামুখি হ’ব । এখন চৰকাৰ আছে যিখন চৰকাৰে দ্বিতীয়বাৰৰ বাবে অধিক সংখ্যাগৰিষ্ঠতা উপবোগ কৰি আছে । আমাৰ এনে এগৰাকী প্ৰধানমন্ত্ৰী আছে যাৰ আকৰ্ষণীয় ব্যক্তিত্ব থকাৰ লগতে দেশ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰভাৱ আছে । ইয়াৰ পাছতো ৰাজনৈতকিক প্ৰত্যাহ্বান বুলি ভবাৰ কিবা থল আছে জানো?
প্ৰশ্নঃকিন্তু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় স্থিতিয়ে আমাৰ বিকাশত কেনেদৰে সহায় কৰিছে? ২০২৪ ৰ ভিতৰত ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি হোৱাৰ আমাৰ এক লক্ষ্য আছে । কিন্তু যদি আমাৰ অৰ্থনীতিয়ে মন্দাৱস্থাৰ সন্মুখীন হয়, বিকাশৰ হাৰ নিম্নগামী হয়, ই বৈদেশিক নীতিক কেনেদৰে প্ৰভাৱিত কৰিব?
-নীতি আয়োগে সতৰ্কবাণী শুনাইছে যে যদিহে বিকাশৰ হাৰ উচ্চ গতিত ঘূৰাই অনা নহয়, তেন্তে ২০২৪ ৰ বাবে নিৰ্ধআৰণ কৰা লক্ষ্য আমাৰ বাবে বহুত ডাঙৰ অৰ্থনৈতিক প্ৰত্যাহ্বান হৈ পৰিব ।এটা কথা নিশ্চিতভাৱে অনুভৱ কৰা হৈছে যে আমাৰ অৰ্থনীতি সুবিধাজনক স্থিতিত বৰ্তমান নাই । বৈদেশিক স্থিতিৰ বাবে আমাৰ অৰ্থনৈতিক বিকাশেই মূল ভেঁটি । এয়া সকলোৰে ঘাই শিপা । ভাৰতে উপভোগ কৰা নিৰ্দিষ্ট বিশ্বাসযোগ্যতা আৰু এক অগ্ৰণী শক্তি হিচাপে গ্ৰহণযোগ্যতাৰ আঁৰতে আছে ইয়াৰ দ্ৰুত বিকশিত অৰ্থনৈতিক আৰু নিৰাপত্তাজনিত সক্ষমতা । যাৰ ফলত আন শক্তিশালী দেশসমূহ ভাৰতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ বাবে আগ্ৰহী । ইয়াৰ ফলতে আমি কূটনৈতিক স্থান লাভ কৰিছোঁ । এই ধাৰণাৰ বলতে আমি ভাৰত-আমেৰিকা পাৰমাণৱিক বাণিজ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ । ভাৰত-চীনৰ মাজত থকা ব্যৱধান ভাৰতে দ্ৰুতগতিৰে কমাই আনিছে । অৰ্থনৈতিক আৰু বাণিজ্যিক সুযোগৰ ক্ষেত্ৰত ভাৰত দ্বিতীয়খন চীন হ’বলৈ গৈ আছে বুলি ধাৰণা কৰা হৈছে । ২০০৪ চনৰ ছুনামিত আমাৰ তৎপৰতা লক্ষ্য কৰক । আমাৰ নৌসেনা ব্যৱহাৰ কৰি সামগ্ৰী যোগান, সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ দৰে দেশক চেৰ পেলাই আমি প্ৰথম হ’বলৈ সক্ষম হৈছিলোঁ ।এখন দেশ হিচাপে আনৰ আগত শক্তি প্ৰতিষ্ঠাৰ বাবে ই বহুত প্ৰভাৱ পেলাইছিল । প্ৰমাণিত হৈছিল যে ৰাইজৰ সামগ্ৰী বিতৰণ কৰিবলৈ ই সক্ষম । অতি পাকিস্তানকেন্দ্ৰিকতা শেষ হৈছিল । পাৰমাণৱিক চুক্তি ভাৰতৰ বাবে সম্ভৱপৰ আছিল যদিও পাকিস্তানৰ প্ৰতি সন্মান জনাই সেয়া কৰা হোৱা নাছিল ।