দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসান
16:14 July 20
15 বছৰ ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেত্ৰী গৰাকীয়ে
নতুন দিল্লী,20 জুলাই : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী শীলা দীক্ষিতৰ দেহাৱসান ৷ 81 বছৰ বয়সত দিল্লী মৃত্যুবৰণ কৰে নেত্ৰীগৰাকীয়ে অসুস্থতাৰ বাবে তেওঁক এসকৰ্ট হস্পিতালত ভৰ্তি কৰোৱা হৈছিল ৷ আটাইতকৈ দীৰ্ঘসময়ৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷দিল্লীৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী আছিল শীলা দীক্ষিত ৷দিল্লীৰ নিজামুদ্দিমনস্থিত নিজ বাসগৃহলৈ অনা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ নশ্বৰ দেহ ৷ কাইলৈ দিনৰ 2.30 বজাত সম্পন্ন কৰা হ'ব শেষকৃত্য অনুষ্ঠান ৷
পঞ্জাৱৰ কাপুৰথলাত 1938 চনৰ 31 মাৰ্চত জন্ম লাভ কৰা শীলা দীক্ষিতে নতুন দিল্লীৰ পৰা সমাপ্ত কৰিছিল প্ৰাথমিক শিক্ষা ৷ দিল্লীৰ মিৰাণ্ডা হাউচৰ পৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও দিল্লী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷ এগৰাকী প্ৰশাসনিক বিষয়া বিনোড দীক্ষিতৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা নেত্ৰীগৰাকীৰ পুত্ৰ সন্দীপ দীক্ষিতো ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ এগৰাকী সদস্য ৷ 1970 চনত শীলা দীক্ষিতে যুৱ মহিলা কংগ্ৰেছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেত্ৰীগৰাকীয়ে ৷ ভাৰতৰ প্ৰাক্তন প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে শীলা দীক্ষিতৰ প্ৰশাসনিক দক্ষতাৰ প্ৰমাণ লাভ কৰি তেওঁক ৰাষ্ট্ৰসংঘৰ আয়োগলৈ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিল ৷ ইয়াৰ পাচতে তেওঁ ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত দিল্লীৰ আটাইতকৈ দীৰ্ঘসময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় ৷