নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ : প্ৰাক্তন স্থলসেনা বিষয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম নেতা, অটল বিহাৰী বাজপেয়ীৰ কেবিনেটৰ অন্যতম শক্তিশালী মন্ত্ৰী যশৱন্ত সিং জাশোলৰ দেওবাৰে মৃত্যু হয় ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দেওবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ যশৱন্ত সিঙৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটযোগে শোকপ্ৰকাশ কৰে ৷
1938 চনৰ 3 জানুৱাৰীত ৰাজস্থানৰ বাৰ্মাৰ জিলাৰ জাশোল গাঁৱত জন্মগ্ৰহণ কৰিছিল যশৱন্ত সিং জাশোলে ৷ মায়ো কলেজৰ পৰা শিক্ষাগ্ৰহণ কৰা যশৱন্ত সিঙে ৰাষ্ট্ৰীয় ৰক্ষা একাডেমীৰ পৰা স্নাতক উত্তীৰ্ণ হৈ ভাৰতীয় স্থলসেনাৰ দি চেন্ট্ৰেল ইণ্ডিয়া হৰ্চ ৰেজিমেন্টত 1957 চনৰ পৰা 1966 চনলৈ এগৰাকী মেজৰ হিচাপে সেৱা আগবঢ়াইছিল ৷ বৰ্তমানে তেওঁৰ ৰেজিমেন্টটো স্থলসেনাৰ দক্ষিণ কমাণ্ডৰ অধীনস্থ এটা টেংক ৰেজিমেন্ট হিচাপে 21 ক'ৰত সংযোজন কৰা হৈছে ৷ স্থলসেনাত থকাৰ সময়তে 1965 চনৰ ভাৰত-পাকিস্তান যুদ্ধ আৰু ভাৰত-চীন যুদ্ধতো অংশগ্ৰহণ কৰিছিল সিঙে ৷
স্থলসেনাৰ পৰা অৱসৰ লোৱাৰ পিচতেই প্ৰত্যক্ষ ৰাজনীতিত জড়িত হৈছিল যশৱন্ত সিং ৷ 1980 ৰ পৰা 2014 চনলৈ তেওঁ সদনৰ সদস্য নিৰ্বাচিত হৈছিল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব ভাৰপাতি লৈছিল ৷
1996 চনত আৰু 2002ৰ পৰা 2004 চনলৈ দেশৰ বিত্তমন্ত্ৰী, 2000 চনৰ পৰা 2001লৈ প্ৰতিৰক্ষা মন্ত্ৰী আৰু 1998 চনৰ পৰা 2002 চনলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সিঙে ৷ 2004 চনৰ পৰা 2009 চনলৈ ৰাজ্যসভাত বিৰোধী দলপতি আছিল সিং ৷ অৱশ্যে 2014 চনত বাৰ্মাৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিল যদিও বিজেপিয়ে তেওঁক টিকট প্ৰদান কৰা নাছিল ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে উক্ত সমষ্টিৰ পৰা কৰ্ণেল সোনাৰাম চৌধাৰীক টিকট প্ৰদান কৰাত খৰ্গহস্ত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তেতিয়াই বিজেপিয়ে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছিল ৷
1998 চনৰ ভাৰতীয় পাৰমানৱিক পৰীক্ষণৰ সময়ত আমেৰিকাৰ সৈতে সম্পৰ্ক পৰিচালনা কৰাৰ বাবে সিং ভাৰতীয় ৰাজনীতিত জনাজাত ৷ পৰৱৰ্তী সময়ত সিঙৰ প্ৰচেষ্টাতে 2000 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টনে ভাৰত ভ্ৰমণ কৰিছিল ৷ অৱশ্যে ভাৰতীয় ৰাজনীতিত সিঙৰ সমালোচনাও হৈছিল ৷ ইণ্ডিয়ান এয়াৰলাইনছৰ হাইজেক কৰা বিমানৰ যাত্ৰী মুকলি কৰিবলৈ তেওঁ আফগানিস্তানলৈ সন্ত্ৰাসবাদীৰ দলৰ সৈতে গৈছিল আৰু ইয়াৰ বাবেই তেওঁক ভাৰতৰ অন্যান্য ৰাজনৈতিক দলসমূহৰ দ্বাৰা সততে সমালোচনাৰ সন্মুখীন হৈছিল ৷