অসম

assam

ETV Bharat / bharat

কেব প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ - Tarun Gogoi's reaction

কেব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে,প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি কয় যে, ডিঙিত গামোচা ললেই অসমীয়া নহয় যদিহে তেওঁৰ বাবে অসমীয়াৰ আবেগ-অনুভূতিৰ কোনো মূল্য নাই

ৰাজ্যৰ ৰেলসেৱা,বিমানসেৱাকে ধৰি সকলো যোগাযোগ ব্যৱস্থা বাতিল
কেব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

By

Published : Dec 12, 2019, 5:09 PM IST

নতুন দিল্লী,12 ডিচেম্বৰঃ কেব সন্দৰ্ভত সমগ্ৰ অসম জ্বলি থকাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ গগৈয়ে কেবৰ সন্দৰ্ভত কয় যে, এই বিধেয়কখনে উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমৰ জনজীৱন, ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰভাৱৰ ফলত সাধাৰণ জীৱনযাত্ৰাৰ লগতে সকলো কাম-কাজ স্থৱিৰ হৈ পৰিছে ৷ ৰাজ্যৰ ৰেলসেৱা,বিমানসেৱাকে ধৰি সকলো যোগাযোগ ব্যৱস্থা বাতিল কৰা হৈছে ৷ তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি কয় যে, ডিঙিত গামোচা ললেই অসমীয়া নহয় যদিহে তেওঁৰ বাবে অসমীয়াৰ আবেগ-অনুভূতিৰ কোনো মূল্য নাই ৷ প্ৰকৃতাৰ্থত মোডীয়ে গামোচাৰ অৰ্থই নাজানে বুলি গগৈয়ে আক্ষেপেৰে কয় ৷ আনহাতে, অসমীয়া লোকৰ আবেগৰ সৈতে জড়িত এই কেবৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত তৰুণ গগৈয়ে উল্লেখ কৰে ৷

কেব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

ABOUT THE AUTHOR

...view details