অসম

assam

By

Published : Mar 18, 2020, 9:06 PM IST

ETV Bharat / bharat

কাইলৈ ৰাজ্যসভাত শপত গ্ৰহণ ন্যায়াধীশ ৰঞ্জন গগৈৰ

ৰাজ্যসভাৰ সাংসদ হিচাপে বৃহস্পতিবাৰে শপত গ্ৰহণ ৰঞ্জন গগৈৰ ৷ পুৱা 11 বজাত তেওঁৰ শপত গ্ৰহণ ৷

বৃহস্পতিবাৰে শপত গ্ৰহণ
ন্যায়াধীশ ৰঞ্জন গগৈৰ শপত গ্ৰহণ

নেশ্যনেল ডেস্ক, 18 মাৰ্চ : উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে পুৱা 11 বজাত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিব ৷ উল্লেখ্য যে, ৰাজ্যসভাৰ মনোনয়ন লাভ কৰাৰ পাচতে বিভিন্ন দল-সংগঠনে তেওঁৰ মনোনয়ন সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল ৷

এক গেজেট অধিসূচনাৰ জৰিয়তে সোমবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাজ্যসভাৰ খালী পদ পূৰণৰ বাবে ৰঞ্জন গগৈৰ নাম ৰাজ্যিক পৰিষদত মনোনীত কৰিছিল ৷

বহু লোকে প্ৰশ্ন উত্থাপন কৰা সন্দৰ্ভত মঙলবাৰে ন্যায়াধীশ ৰঞ্জন গগৈয়ে কৈছিল যে, উচ্চ সদনৰ বাবে মনোনয়ন গ্ৰহণ কৰা সন্দৰ্ভত তেওঁ শপত গ্ৰহণৰ পাচত বিশদভাৱে জানিবলৈ দিব ৷

আৰু পঢ়ক : কৰ'ণা ভাইৰাছ : সকলোকে সজাগ হোৱাৰ আহ্বান তেণ্ডুলকাৰৰ

ABOUT THE AUTHOR

...view details