অসম

assam

ETV Bharat / bharat

87 বছৰ বয়সত মৃত্যু দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টি এন চেচানৰ

ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানৰ মৃত্যু ৷ 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে দেশৰ 10 সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷

দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিএন চেচান

By

Published : Nov 11, 2019, 3:04 AM IST

Updated : Nov 11, 2019, 7:57 AM IST

নেশ্যনেল ডেস্ক, 10 নৱেম্বৰঃ ভাৰতৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানৰ মৃত্যু ৷ 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়কঃ 7 দিন, ৰঞ্জন গগৈৰ হাতত বাকী 5 টা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰায়দান

দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ টুইটাৰযোগে চেচানৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত বিশেষ সংস্কাৰ সাধন কৰিছিল টিৰুনেল্লাই নাৰায়ন আয়াৰ ওৰফে টিএন চেচানে ৷ 1955 চনৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ তামিলনাডু কেডাৰৰ বিষয়া আছিল চেচান ৷ 1989 চনত দেশৰ 18 সংখ্যক কেবিনেট সচিব নিযুক্ত হৈছিল চেচান ৷ তাৰ পূৰ্বেই বহুটো পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰা বিষয়াগৰাকীয়ে 1990 চনৰ 12 ডিচেম্বৰৰ পৰা 1996 চনৰ 11 ডিচেম্বৰলৈ ভাৰতৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত হৈছিল ৷ চৰকাৰী যন্ত্ৰলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে 1996 চনৰ ৰমন মেগছেছে বঁটা লাভ কৰিছিল টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানে ৷ অৱশেষত বাৰ্ধক্যজনিত কাৰণত 87 বছৰ বয়সত দেওবাৰে মৃত্যুক সাৱতি লয় দেশৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷

Last Updated : Nov 11, 2019, 7:57 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details