অসম

assam

ETV Bharat / bharat

ক’ভিড-19 ৰ ক্ৰুটিপূৰ্ণ ব্যৱস্থাপনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰাক্তন আমোলা - উচ্চতম ন্যায়ালয়লৈ দ্বাৰস্থ 6 প্ৰাক্তন আমোলা

দেশত ক’ভিড-19 মহামাৰী সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ অব্যৱস্থাপনাৰ বিৰুদ্ধে স্বতন্ত্ৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন প্ৰাক্তন আমোলাৰ ৷ অহা 14 আগষ্টত হ’ব শুনানী প্ৰক্ৰিয়া ৷

Former bureaucrats move SC for inquiry into Covid-19 mismanagement
Former bureaucrats move SC for inquiry into Covid-19 mismanagement

By

Published : Aug 12, 2020, 4:10 PM IST

নতুন দিল্লী, 12 আগষ্ট:দেশৰ ক’ভিড-19 মহামাৰী সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰুটিপূৰ্ণ ব্যৱস্থাপনাৰ বিৰুদ্ধে স্বতন্ত্ৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন প্ৰাক্তন আমোলাৰ ৷ উচ্চতম ন্যায়ালয়লৰ দ্বাৰস্থ 6 গৰাকী প্ৰাক্তন আমোলাৰ এটি দল ৷ কে পি ফেবিয়ন আৰু অন্য আমোলা সকলে অধিবক্তা প্ৰশান্ত ভূষণৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এক আবেদন ৷

আমোলা সকলে দাবী উত্থাপন কৰিছে যে, মহামাৰী সম্পৰ্কে চৰকাৰৰ প্ৰতিক্ৰিয়া আৰু দেশৰ নাগৰিকৰ জীৱন আৰু জীৱিকাৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ জনসাধাৰণৰ বাবে গুৰুত্বৰ বিষয় ৷ এই বিষয়ে অহা 14 আগষ্টত উচ্চতম ন্যায়ালয়ত আৰম্ভ হ’ব শুনানী প্ৰক্ৰিয়া ৷

দলটোৱে লগতে জানিবলৈ দিয়ে যে, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰকৰ নেতৃত্বত চিকিৎসা বিজ্ঞান, মহামাৰীবিজ্ঞান, জনস্বাস্থ্য, আইন আৰু সামাজিক বিজ্ঞানৰ ক্ষেত্ৰৰ এটি বিশেষজ্ঞৰ সমন্বয়ৰ আয়োগ গঠন কৰা হ’ব যাতে চৰকাৰৰ ব্যৰ্থতাৰ বিষয়ে স্বতন্ত্ৰ তদন্ত প্ৰক্ৰিয়া চলাব পৰা যায় ৷

ৰোগ প্ৰতিৰোধৰ বাবে প্ৰাৰম্ভিক উপায় অৱলম্বন কৰাটোগুৰুত্বপূৰ্ণ৷ কিন্তু লক্ ডাউনৰ বিফলতাৰ কাৰণে ৰোগৰ সম্প্ৰসাৰণ আৰু সাধাৰণ নাগৰিকৰ ওপৰত হোৱা দুখ-দুৰ্দশা অপৰিকল্পিত আৰু হঠাৎ ঘোষণা কৰা লক্ ডাউনৰ কাৰক বুলি উল্লেখ কৰে ৷

লগতে চাওক-বৰঝাৰ বিমানবন্দৰত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট

ABOUT THE AUTHOR

...view details