অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ চন্দীপুৰত বন বিভাগে উদ্ধাৰ কৰিলে ভালুক - মহাৰাষ্ট্ৰ চন্দীপুৰ

চন্দীপুৰৰ আৱাসিক অঞ্চললৈ ওলাই আহিছিল ভালুকটো

প্ৰতিনিধিত্বমূলক ছবি

By

Published : Mar 16, 2019, 11:36 PM IST

নিউজ ডেস্ক, ১৬ মাৰ্চঃ মহাৰাষ্ট্ৰৰ চন্দীপুৰত ত্ৰাসৰ সৃষ্টি কৰা এটি ভালুক অৱশেষত সুস্থৰূপত উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় বন বিভাগে ৷ শনিবাৰে ওচৰৰ বনাঞ্চলৰ পৰা আৱাসিক অঞ্চললৈ ওলাই আহিছিল ভালুকটো ৷

ভালুকটোৱে চন্দীপুৰৰ এটি ঘৰত আশ্ৰয় লোৱাৰ পিচতেই স্থানীয় লোকসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷ অৱশেষত বন বিভাগৰ লোকে আহি ভালুকটো সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ জিলা বনাঞ্চলিক বিষয়া অশোক সোনকুশাৰে সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ ভালুকটোৰ সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ অন্তত স্থানীয় বনাঞ্চলত এৰি দিয়ে বন বিভাগৰ লোকে৷

ABOUT THE AUTHOR

...view details