অসম

assam

ETV Bharat / bharat

এছ.পি. বালাসুব্ৰমণিয়ামৰ সোঁৱৰণত অৰণ্য স্থাপন - সেউজীয়া শ্ৰদ্ধাঞ্জলি

উল্লেখ্যনীয় ভাৱে এছ.পি. বালাসুব্ৰমণিয়ামে নিজৰ অন্তিমটো সংগীতানুষ্ঠানত পৃথিৱীখনৰ প্ৰাকৃতিক অৱদান সমূহৰ অপব্যৱহাৰ কৰাৰ বাবে ক‘ভিড-19 ৰ হিচাপত মূল্য পৰিশোধ কৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰিছিল ৷

forest-created-by-spb-fans
এছ.পি. বালাসুব্ৰমণিয়ামৰ সোঁৱৰণত অৰণ্য স্থাপন

By

Published : Dec 16, 2020, 5:55 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ: দুখ হওক বা আনন্দই হওক, সংগীতে আমাক শান্তি দিয়ে ৷ সেই অৰ্থত এছ.পি. বালাসুব্ৰমণিয়ামে মানুহৰ অন্তৰত এক পৱিত্ৰ স্থান লাভ কৰিছিল ৷ সাধাৰণতে এছ.পি. বালাসুব্ৰমণিয়ামৰ গানবোৰে প্ৰকৃতিৰ সৌন্দৰ্য ব্যক্ত কৰিছিল ৷

উল্লেখ্যনীয় ভাৱে তেখেতে নিজৰ অন্তিমটো সংগীতানুষ্ঠানত পৃথিৱীখনৰ প্ৰাকৃতিক অৱদান সমূহৰ অপব্যৱহাৰ কৰাৰ বাবে ক‘ভিড-19 ৰ হিচাপত মূল্য পৰিশোধ কৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰিছিল ৷ তেওঁ লগতে সংগীতপ্ৰেমী সকলক পৰিৱেশ সংৰক্ষণৰ কাৰ্যকলাপত নিজকে নিয়োজন কৰিবলৈ আৰু প্ৰকৃতিৰ ক্ষতি কৰা কাৰ্যকলাপবোৰ বন্ধ কৰিবলৈ আহ্বান জনাইছিল।

প্লে’ বেক কণ্ঠশিল্পীগৰাকীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনায় চিৰুথলী সংগঠন, পেৰুৰ চেটিপালায়ম গাঁও পঞ্চায়তৰ সহযোগত কোইম্বাটুৰৰ অফিচাৰ ক'লনী প্ৰাংগণৰ পাচপালাইয়ামত এছ.পি. বালাসুব্ৰমণিয়ামৰ বাবে এখন অৰণ্য স্থাপন কৰা হৈছে । তেওঁৰ 74 বছৰীয়া জীৱনৰ স্মৰণত 74 টা গছ পুলিও ৰোপন কৰা হৈছিল ।

আকৰ্ষণীয় কথা যে, বাদ্যযন্ত্ৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা গছৰ প্ৰজাতি ৰোপন কৰা হয় । গছবোৰ বাদ্যযন্ত্ৰৰ টোকাৰ আকাৰত ৰোপণ কৰা হয় । চিৰুথলী সংগঠনৰ পৰিচালন প্ৰতিষ্ঠাপক ভনিথা মোহনে কয় যে, এয়া শ্ৰেষ্ঠ শিল্পীৰ প্ৰতি সঁচা শ্ৰদ্ধাঞ্জলি হ'ব । তেওঁ লগতে কয় যে, বনৰ তিনি-চতুৰ্থাংশ বাঁহ, চেগুন ৰূপণ কৰা হৈছে যাক বাদ্যযন্ত্ৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। পেৰুৰ, চেটিপালায়ামৰ লোকসকলে তেওঁলোকৰ অঞ্চলত অৰণ্য স্থাপন কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে আৰু সেউজীয়া শ্ৰদ্ধাঞ্জলিৰ বাবে কাম কৰা সকলৰ প্ৰতি তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক: কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

ABOUT THE AUTHOR

...view details