নিউজ ডেস্ক, ৭ জুলাইঃ কোভিড-১৯ সংকটৰ সময়ত আমেৰিকাত পুনৰ বিশ্ববিদ্যালয়সমূহ খোলাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছু অতিৰিক্ত নীতি-নিয়ম মানি চলিব লাগিব। আমেৰিকাৰ "Immigration and Customs Enforcement"য়ে বিশ্ববিদ্যালয়সমূহ খোলাৰ বাবে জাৰি কৰিছে বিশেষ নিয়মাৱলী। এই নিয়মাৱলী অনুসৰি, যদি বিশ্ববিদ্যালয়সমূহত সম্পূৰ্ণৰূপে অনলাইন পাঠদান কৰা হয় তেন্তে বহিঃৰাষ্ট্ৰৰ শিক্ষাৰ্থীসকলে আমেৰিকা এৰিব লগাৰ সম্ভাৱনা আছে । অথবা ছাত্ৰ-ছাত্ৰীসকলক বাধ্যতামূলকভাৱে অন্য কলেজলৈ স্থানান্তৰিত কৰা হ'ব পাৰে বুলি "Immigration and Customs Enforcement"ৰ এগৰাকী বিষয়াই উল্লেখ কৰে।
বহিঃৰাষ্ট্ৰৰ শিক্ষাৰ্থীসকলে এৰিব লাগিব পাৰে আমেৰিকা - ছাত্ৰ-ছাত্ৰী
আমেৰিকাত শিক্ষাগ্ৰহণ কৰি থকা বহিঃৰাষ্ট্ৰৰ শিক্ষাৰ্থীসকলে এৰিব লাগিব পাৰে আমেৰিকা। অথবা, এইসকল ছাত্ৰ-ছাত্ৰীক বাধ্যতামূলকভাৱে অন্য কলেজলৈ স্থানান্তৰিত কৰা হ'ব পাৰে।
foreign students may be forced to leave america
ৰাষ্ট্ৰখনত প্ৰতিদিনে দ্ৰুত গতিত কোভিড-১৯ৰ সংক্ৰমন বৃদ্ধি পোৱাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত অধিক বোজা আহি পৰিছে । হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ লগতে আন কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানত পৰোক্ষভাৱে নিৰ্দেশাৱলী জাৰি কৰা হ'ব। লগতে, কলেজসমূহতো নিৰ্দেশাৱলী প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে।