অসম

assam

ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে লাডাখত মহিলা চিকিৎসক নিয়োগ ITBPৰ - প্ৰথমবাৰৰ বাবে লাডাখত মহিলা চিকিৎসক নিয়োগ ITBPৰ

ইন্দো তিব্বেতিয়ান বৰ্ডাৰ পুলিছত প্ৰথমবাৰৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে । নিৰাপত্তা বাহিনীটোৱে লাডাখৰ অপাৰেটিং অৱস্থানত প্ৰথমবাৰৰ বাবে মহিলা চিকিৎসক প্ৰেৰণ কৰিছে । আন আন কাৰ্যাৱলীৰ লগতে জোৱান সকলৰ চিকিৎসাৰ বাবে প্ৰথম বাৰৰ বাবে লাডাখত নিয়োগ কৰা হৈছে মহিলা চিকিৎসক ।

প্ৰথমবাৰৰ বাবে লাডাখৰ ফৰৱাৰ্ড লোকেশ্যনত মহিলা চিকিৎসক নিয়োগ ITBPৰ
প্ৰথমবাৰৰ বাবে লাডাখৰ ফৰৱাৰ্ড লোকেশ্যনত মহিলা চিকিৎসক নিয়োগ ITBPৰ

By

Published : Sep 8, 2020, 8:58 PM IST

নতুন দিল্লী, ৮ চেপ্তেম্বৰঃ প্ৰথমবাৰৰ বাবে ইন্দো তিব্বেতিয়ান বৰ্ডাৰ পুলিছত মহিলা চিকিৎসক নিয়োগ কৰা হৈছে লাডাখৰ অপাৰেটিং ফৰৱাৰ্ড স্থানত । লেহৰ পৰা সেনা প্ৰেৰণৰ পিচতে তেওঁলোকৰ স্বাস্থ্যৰ যতন লোৱাৰ বাবে আই টি বিপিয়ে মহিলা চিকিৎসকৰ দলক সকলো ধৰণৰ দায়িত্ব প্ৰদান কৰিছে । সীমান্তৰ উত্তেজনাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই টি বিপিয়ে ষ্টেণ্ডাৰ্ড অপাৰেটিং পদ্ধতিৰ কিছু পৰিৱৰ্তন কৰিছে। কিয়নো সাধাৰণতে এনেধৰণৰ ঠাইত মহিলা আফিচাৰক নিয়োগ কৰা নহয় ।

আই টি বিপিয়ে লিংগ নিৰ্বিশেষে, মহিলা চিকিৎসকৰ এটা দলক অন্যান্য কৰ্মীসকলৰ সৈতে লাডাখলৈ প্ৰেৰণ কৰিছে । ইয়াৰ পূৰ্বে কাহানিও নিয়ন্ত্ৰণ ৰেখাৰ কাষত মহিলা চিকিৎসকক নিয়োগ কৰা হোৱা নাছিল, পুৰুষ চিকিৎসকক হে নিয়োগ কৰা হৈছিল সীমান্ত অঞ্চলত ।

লেহৰ আই টি বিপিৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলৰ মতে, মহিলা চিকিৎসক সকলক বৰ্তমান জোৱান সকলৰ চিকিৎসাজনিত কাৰণৰ লগতে আন আন আনুসংগিক কামসমূহৰ বাবে মোতায়েন কৰা হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মহিলা চিকিৎসকসকলক সেনাবাহিনীৰ চিকিৎসাৰ তদাৰকী কৰাৰ বাবেও দায়িত্ব দিয়া হৈছে । তেওঁলোকে সেনাবাহিনীক সহায় কৰাৰ বাবে বিভিন্ন সামগ্ৰী সহ বিভিন্ন স্থানত মোতায়েন কৰা হৈছে । সেয়াই নহয়, যিকোনো জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে চিকিৎসক,নাৰ্ছসকলক মোতায়েন কৰাৰ সমান্তৰালভাৱে পৰ্যাপ্ত ঔষধ পাতি আদি প্ৰয়োজন অনুসৰি নিয়মিতভাৱে যোগান ধৰি থকা হৈছে ।

লেহৰ ঘাটিত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰেৰণ কৰা সেনাবাহিনীৰ লোকসকলে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সক্ষমতাৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব উৰ্ধতম কৰ্তৃপক্ষক, সেই দায়িত্বও দিয়া হৈছে শেহতীয়াকৈ নিয়োগ কৰা মহিলা চিকিৎসা বিষয়াসকলক ।

ডঃ কাত্যায়নী শৰ্মা নামৰ এগৰাকী মহিলা চিকিৎসকৰ নেতৃত্বত চিকিৎসা কেন্দ্ৰৰ দায়িত্ব দিয়াৰ লগতে সক্ষমতাৰ পৰীক্ষা কৰা জোৱান সকলক নিয়্ন্ত্ৰণ ৰেখাৰ ওচৰলৈ প্ৰেৰণ কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে।

চীনৰ ওপৰিও কোভিড-১৯ আন এক ভাবুকি লেহত । যাৰবাবে আইটিবিপিৰ জোৱানসকলক শাৰিৰীক সক্ষমতাৰ পৰীক্ষা কৰাৰ লগতে এনেকুৱা ঠাইলৈ প্ৰেৰণ কৰিছে যাতে কিছুদিন সময় লাগে ।

আইটিবিপি, যিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সেনা জোৱান নিয়োগ কৰে,লেহত বৰ্তমান এটা ঘাটি নিৰ্মাণ কৰা হৈছে জোৱান সকলক পৃথকে ৰাখিবলৈ, আনহাতে জোৱান সকলক চাৰিটা পৰ্যায়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ।

সেনা জোৱান সকল লেহত উপস্থিত হোৱাৰ পিচত তেওঁলোক কৰণাত আক্ৰান্ত হৈছে নে নাই তাক পৰীক্ষা কৰাৰ বাবে পৃথকে পৃথকে নিৰ্মাণ কৰা কেন্দ্ৰ সমূহত সীমিত সময়ৰ বাবে ৰখা হয় । লেহত সেনাবাহিনীক তাপমাত্ৰা পৰীক্ষা কৰা, অত্যাৱশ্যকীয় পৰীক্ষা সমূহ কৰা হয়, যি সমূহ সেনা জোৱান সকলক ফৰৱাৰ্ড স্থানলৈ প্ৰেৰণ কৰাৰ পূৰ্বে প্ৰয়োজন ।

সেনা জোৱান সকল লেহত উপস্থিত হোৱাৰ পিচত তেওঁলোক কৰণাত আক্ৰান্ত হৈছেনে নাই তাক পৰীক্ষা কৰাৰ বাবে পৃথকে-পৃথকে নিৰ্মাণ কৰা কেন্দ্ৰ সমূহত সীমিত সময়ৰ বাবে ৰখা হয় । লেহত সেনাবাহিনীক তাপমাত্ৰা পৰীক্ষা কৰা, অত্যাৱশ্যকীয় পৰীক্ষা সমূহ কৰা হয়, যি সমূহ সেনা জোৱান সকলক ফৰৱাৰ্ড স্থানলৈ প্ৰেৰণ কৰাৰ পূৰ্বে প্ৰয়োজন ।

আইটিবিপিৰ চিকিৎসকসকলে প্ৰতি মূহুৰ্তত উচ্চ ৰক্তচাপ পৰীক্ষা কৰে সেনাৰ জোৱান সকলক । উচ্চ ৰক্তচাপত ভোগা সেনা জোৱান সকলৰ স্বাস্থ্যৰ স্থিতি বজাই ৰখাৰ বাবে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৰ্যবেক্ষণ কৰা হয় আৰু স্বাস্থ্য সুস্থিৰ হলেহে বিভিন্ন স্থানত মোতােয়েন কৰা হয় ।

ABOUT THE AUTHOR

...view details