অসম

assam

ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকে মুখ্য অতিথি - গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি

55বছৰত প্ৰথমবাৰৰ বাবে সংঘটিত হ’ব এই ঘটনা ৷ ৰাজপথত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকে কোনো মুখ্য অতিথি ৷

প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকে মুখ্য অতিথি
প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকে মুখ্য অতিথি

By

Published : Jan 7, 2021, 2:10 PM IST

নিউজ ডেস্ক, 7 জানুৱাৰী :বিশ্বত কৰ’ণা ভাইৰাছৰ সংহাৰৰ ফলত সুৰক্ষিত থকাৰ স্বাৰ্থত বহুতো ডাঙৰ ডাঙৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে । ভাইৰাছ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীটো যথেষ্ট সালসলনি ঘটোৱা হৈছে ।

দেশত বিগত 55 বৰ্ষৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ পেৰেডত মুখ্য অতিথিৰূপে উপস্থিত নাথাকিব কোনো লোক ৷ এইবাৰ ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনক অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে জনায় ৷ ব্ৰিটেইনত দেখা দিয়া কৰ’ণা ভাইৰাছৰ নতুন সংক্ৰমণৰ বাবে দেশজুৰি পুনৰ এবাৰ লকডাউন ঘোষণা কৰিছে আৰু সেয়ে তেওঁ ভাৰতলৈ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল হোৱাৰ পিছত এতিয়া আৰু ভাৰতে কোনো লোককে মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱা নাই । ইয়াৰ পূৰ্বে, 1966ৰ 11 জানুৱাৰীত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে গণতন্ত্ৰ দিৱসৰ পেৰেডৰ মুখ্য অতিথিৰূপে কোনো লোকক আমন্ত্ৰণ জনোৱা হোৱা নাছিল ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে 2013ত ওমান চুলতান কবুছ বিন চৈইদে বিশেষ কাৰণৰ বাবে গণতন্ত্ৰ দিৱসত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ স্থানত ভুটানৰ ৰজা জিগ্মে খেচৰক আমন্ত্ৰণ জনোৱা হৈছিল । আনহাতে 2019ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প উপস্থিত থাকিব নোৱাৰাত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোচা উপস্থিত আছিল । কিন্তু এইবাৰ ক’ভিড-19ৰ বাবে গণতন্ত্ৰ দিৱসত বিকল্প নেতাৰ উপস্থিতিৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই ক’ব পাৰি ।

1971ৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে লাভ কৰা জয়লাভ 50 বৰ্ষপূৰ্তি উপলক্ষে এইবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব বাংলাদেশ সেনাৰ এটা প্ৰতিনিধি দল ৷ বাংলাদেশ সেনাৰ তিনিওটা অংগ (স্থল, বায়ু আৰু নৌ-সেনা)ৰ মুঠ 122 প্ৰতিনিধি দলে গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক ভাৰতীয় বায়ুসেনাৰ এখন C-17 বিমানেৰে দিল্লীলৈ অনা হ’ব ৷

লগতে পঢ়ক :১৮ ডিচেম্বৰত দিল্লীলৈ ৰাওনা হ‘ব ২৬ গৰাকী এন চি চি কেডাৰ

ABOUT THE AUTHOR

...view details