নিউজ ডেস্ক, 13 এপ্ৰিলঃ ইছলামিক চেন্টাৰ নামৰ লক্ষ্ণৌস্থিত এক সংস্থাই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ ৰমজানৰ সময়ত সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ৷ লকডাউনৰ সময়ত সামাজিক দুৰত্ব বৰ্তাই ৰাখি ইফটাৰ পালন কৰিবলৈ আহ্বান জনাইছে সংস্থাটোৰ অধ্যক্ষ মৌলানা খালিদ ৰশ্বিদ ফাৰাংগী মাহালীয়ে ৷
ৰমজানৰ সময়ত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান
লক্ষ্ণৌস্থিত এক ইছলামিক সংস্থাৰ মৌলানা খালিদ ৰশ্বিদ ফাৰাংগী মাহালীয়ে ৰমজান মাহৰ ইফটাৰৰ সময়ত সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ৷
অধ্যক্ষগৰাকীয়ে ইফটাৰৰ সময়ত কোভিড-19 মহামাৰীৰ পৰা বিশ্ববাসীক ৰক্ষা কৰিবলৈ সকলো মুছলমানকে ইফটাৰত দোৱা কৰিবলৈ আহ্বান জনাইছে ৷ ৰমজানৰ চন্দ্ৰ এপ্ৰিলৰ 24 তাৰিখে পৰিলক্ষিত হ’ব আৰু প্ৰথমটো ৰোজা 25 এপ্ৰিলত পালন কৰা হ’ব ৷ যিহেতু লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে সেয়েহে এই সময়ত সকলো মুছলমানকে সামাজিক দূৰত্ব নিয়ম মানি চলিবলৈ আহ্বান জনায় অধ্যক্ষগৰাকীয়ে ৷
মছজিদত ইফটাৰ আয়োজন কৰাসকলক দুখীয়াসকলৰ বাবে ৰেচন আৰু খাদ্য প্ৰদান কৰিবলৈ আহ্বান জনায় মৌলানাগৰাকীয়ে ৷ ৰমজানৰ সময়ত কোনো লোক যাতে ভোকত থাকিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় মৌলানাগৰাকীয়ে ৷ মৌলানাগৰাকীয়ে জাৰী কৰা এক নিৰ্দেশনাত এই কথাখিনি উল্লেখ কৰা হৈছে আৰু নিৰ্দেশনাটোত 5 গৰাকীতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে ৷