উত্তৰ প্ৰদেশ, ৭ জুন: ক'ৰণা মহামাৰীৰ বাবে দেশত জাৰী কৰা লকডাউনৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে ফুলৰ ব্যৱসায়ীসকল । উত্তৰ প্ৰদেশৰ বাৰানসীতো বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে ফুলৰ ব্যৱসায়ীসকল । লকডাউনৰ বাবে দীৰ্ঘদিন সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে সকলো ধৰণৰ শুভ কাম তথা মন্দিৰত প্ৰৱেশ নিষিদ্ধ হোৱাত ফুলবোৰ বাগিচাতে মৰহি গৈছে । যাৰবাবে চৰকাৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুনৰ খোলাৰ অনুমতি দিলেও ব্যৱসায়ীসকলে ফুলৰ অভাৱত বন্ধ ৰাখিবলৈ বাধ্য হৈছে প্ৰতিষ্ঠানসমূহ ।
উত্তৰ প্ৰদেশত ক্ষতিৰ সন্মুখীন ফুলৰ ব্যৱসায়ী
দীৰ্ঘদিন সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে সকলো ধৰণৰ শুভ কাম তথা মন্দিৰত প্ৰৱেশ নিষিদ্ধ হোৱাত ফুলবোৰ বাগিচাতে মৰহি গৈছে ।
Flower growers face hardships in Varanasi
তদুপৰি চৰকাৰে দেশত আনলক-১ ঘোষণা কৰিলেও বিবাহ অনুষ্ঠান তথা শুভ কাম বহু হ্ৰাস পোৱাৰ উপৰি বিভিন্ন নিষেধাজ্ঞা থকাত ফুলৰ ব্যৱসায়ীসকল উপকৃত হ'ব পৰা নাই । মন্দিৰ সমূহতো ফুল তথা ফুলৰ মালা ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । উল্লেখ্য যে, উত্তৰ প্ৰদেশত প্ৰশাসনে ৮ জুনৰ পৰা মন্দিৰসমূহ দৰ্শনৰ বাবে মুকলি কৰাৰ অনুমতি দিছে । তদুপৰি বিবাহ অনুষ্ঠানতো ৩০ জনতকৈ অধিক উপস্থিত থাকিব নোৱাৰিব ।