নেশ্যনেল ডেস্ক, 10 জুলাই : যোৱা কিছু সপ্তাহ ধৰি অসমত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে অসমৰ প্ৰায়ভাগ জিলা ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ ফলত প্ৰাণ হেৰুৱাইছে 40 গৰাকী লোকে৷ লাখ লাখ লোক বানৰ ফলত প্ৰভাৱান্বিত হোৱাৰ লগতে গৃহহাৰা হ'বলৈ বাধ্য হৈছে ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ আশ্ৰয় শিবিৰত বাস কৰিছে হাজাৰ হাজাৰ লোকে ৷ বানাক্ৰান্ত এই লোকসকল খাদ্যৰ অভাৱত ভোগাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰিছে ৷
বানাক্ৰান্ত এই লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বহুসংখ্যক বেচৰকাৰী সংস্থা,মানৱ দৰদী লোক আৰু সংগঠন ৷ বৰপেটা জিলাৰ ভোগেৰপাৰ গাঁৱত ৰেচন কিট বিতৰণ,অন্যান্য সা-সুবিধা আৰু আৰ্থিক সাহাৰ্য আগবঢ়াইছে NALSAR আইন বিশ্ববিদ্যালয়,হায়দৰাবাদৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ আৰু বিভিন্ন সাহাৰ্য প্ৰদানকাৰীয়ে ৷ যোৱা মাহত দেশৰ অন্য স্থানতো NALSAR বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে সাহাৰ্য প্ৰদান কৰিছিল ৷