নেশ্বনেল ডেস্ক, 9 আগষ্ট : যোৱা বুধবাৰৰ পৰা তামিলনাডুৰ কইম্বাটোৰ আৰু নিলগিৰিছ জিলাত হোৱা প্ৰচুৰ বৃষ্টিপাতৰ ফলত বানৰ সৃষ্টি হৈছে ৰাজ্যখনত ৷ জিলা দুখনৰ উপায়ুক্তই বানপানীৰ ফলত শুকুৰবাৰে বিদ্যালয় আৰু কলেজসমূহ বন্ধ ঘোষণা কৰে ৷ ভাৰতীয় বতৰবিজ্ঞান কেন্দ্ৰই প্ৰদান কৰা তথ্য অনুসৰি, নিলগিৰিছ জিলাই যোৱা 48 ঘন্টাত সৰ্বাধিক বৰষুণৰ অভিলেখ গঢ়িছে ৷ উল্লেখ্য যে, এই ধাৰাষাৰ বৰষুণৰ পাছত তামিলনাডুৰ নদীসমূহৰ বান্ধৰ ওপৰেদি পানীৰ সোঁত বৈ আহিছে ৷ ইয়াৰোপৰি, জিলা দুখনত অহা দুদিনলৈ প্ৰচুৰ বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷
ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বানত বুৰ গ'ল তামিলনাডু - ETV BHARAT
তামিলনাডুৰ বানে ৰাজ্যখনত সৃষ্টি কৰিছে ভয়াবহ ৰূপ ৷ ৰাজ্যখনৰ দুখনকৈ জিলা কইম্বাটোৰ আৰু নিলগিৰিছ সৰ্বাধিক ক্ষতিগ্ৰস্ত ৷
![ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বানত বুৰ গ'ল তামিলনাডু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4088266-thumbnail-3x2-ta-2.jpg)
ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বানত বুৰ গ'ল তামিলনাডু
ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বানত বুৰ গ'ল তামিলনাডু
তামিলনাডুৰ উপৰি কেৰালাৰ কান্নৌৰ, ইদ্দুকী, মালাপুৰম জিলা আৰু কৰ্ণাটকৰ ইডুপী, উত্তৰা কানাড়া আৰু দক্ষিণা কানাড়া জিলা ভয়াৱহভাৱে বানৰ কবলত পৰিছে ৷ শতাধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে হাজাৰোধিক লোকক বান শিবিৰলৈ প্ৰেৰণ কৰা হৈছে ৷