অসম

assam

ETV Bharat / bharat

এয়াৰ বাবলছ চুক্তিৰ অধীনত আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা

কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰৰ পৰা ভাৰতে আমেৰিকা, ফ্ৰান্স, জাৰ্মানী আৰু ইংলেণ্ডৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ৷ চাৰিওখন দেশৰ মাজত এয়াৰ বাবলছ নামৰ চুক্তিৰ জৰিয়তে এইদৰে বিমানসেৱা আৰম্ভ হ'ব ৷

আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা
কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ পুৰী

By

Published : Jul 17, 2020, 5:45 AM IST

নিউজ ডেস্ক, 17 জুলাই :শুকুৰবাৰৰ পৰা ভাৰতে চাৰিখনকৈ দেশৰ সৈতে আৰম্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমানসেৱা ৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে এই কথা জানিবলৈ দিয়ে ৷

ভাৰতে আমেৰিকা, ফ্ৰান্স, জাৰ্মানী আৰু ইংলেণ্ডৰ সৈতে এক বিশেষ চুক্তিৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা আৰম্ভ কৰিব ৷ এয়াৰ বাবলছ নামৰ এই চুক্তিৰ দ্বাৰা ভাৰতে শুকুৰবাৰৰ পৰা আমেৰিকা আৰু ফ্ৰান্সৰ সৈতে বিমান চলাচল কৰিব আৰু জাৰ্মানী তথা ইংলেণ্ডৰ সৈতেও শীঘ্ৰেই এই সেৱা আৰম্ভ হ'ব ৷ প্ৰথম অৱস্থাত এয়াৰ ফ্ৰান্সে দিল্লী, মুম্বাই, বাংগালোৰ আৰু পেৰিচৰ মাজত 18 জুলাইৰ পৰা 1 আগষ্টলৈ 28খন বিমান চলাচল কৰিব ৷ আমেৰিকাৰ ইউনাইটেড এয়াৰলাইনছে 17 জুলাইৰ পৰা 31 জুলাইলৈ ভাৰত আৰু আমেৰিকাৰ বিভিন্ন বিমানবন্দৰৰ মাজত 18খন বিমান চলাচল কৰিব ৷ ভাৰতৰ এয়াৰ ইণ্ডিয়াই এই চুক্তিৰ অধীনত বিমান পৰিৱহন কৰিব ৷ আনহাতে ইংলেণ্ডৰ সৈতে বিমান চলাচলো শীঘ্ৰেই আৰম্ভ হ'ব আৰু এইক্ষেত্ৰত ইংলেণ্ডৰ অনুমতিৰ পিচতেই দুয়োখন দেশৰ মাজত লুফথানছা এয়াৰলাইনছে বিমান পৰিৱহন কৰিব ৷

আনহাতে অনাগত দিনত কেন্দ্ৰীয় চৰকাৰে দেশৰ ঘৰুৱা বিমান পৰিৱহন ব্যৱস্থাও বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমানে দেশৰ ঘৰুৱা বিমান পৰিৱহন 45 শতাংশৰ পৰা 60 শতাংশলৈ বৃদ্ধি কৰাৰ বিষয়ে জানিবলৈ দিয়ে কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷

লগতে পঢ়কঃভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই চুলে 10 লাখৰ পৰিসংখ্যা

ABOUT THE AUTHOR

...view details