অসম

assam

ETV Bharat / bharat

ডান্টেৱাড়াত পাঁচ নক্সালৰ আত্মসমৰ্পন - জিলা উপায়ুক্ত দীপক চোনী

মঙলবাৰে পুনৰ পাঁচগৰাকী মাওবাদীয়ে আত্মসমৰ্পন কৰে ৷ ছত্তিশগড়ৰ ডান্টেৱাড়া জিলাত আৰক্ষীৰ আগত অস্ত্ৰ-শস্ত্ৰ জমা দি আত্মসমৰ্পন কৰে ৰঙা সন্ত্ৰাসবাদীকেইজনে ৷

ডান্টেৱাড়াত পাঁচ নক্সালৰ আত্মসমৰ্পন
ডান্টেৱাড়াত পাঁচ নক্সালৰ আত্মসমৰ্পন

By

Published : Jul 15, 2020, 5:03 AM IST

নিউজ ডেস্ক, 15 জুলাই :নক্সাল অধ্যুষিত ছত্তিশগড়ৰ ডান্টেৱাড়াত পুনৰ আত্মসমৰ্পন পাঁচগৰাকী মাওবাদীৰ ৷ আত্মসমৰ্পন কৰা মাওবাদীকেইটা জগদীশ, কমলেশ, দীনেশ, বালকু আৰু শিৱনাথ বুলি জানিব পৰা গৈছে ৷

জিলা উপায়ুক্ত দীপক চোনী, আৰক্ষী অধীক্ষক অভিষেক পল্লৱ আৰু চিআৰপিএফৰ মহানিৰ্দেশক ডিএন লালৰ উপস্থিতিত ঘৰলৈ উভটি অহা আঁচনিৰ অধীনত আত্মসমৰ্পন কৰে দুৰ্ধৰ্ষ মাওবাদীকেইটাই ৷ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে প্ৰকাশ কৰা অনুসৰি, আত্মসমৰ্পন কৰাৰ সময়ত আটাইকেইগৰাকী অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে আৰু নক্সালৰ বাবে এয়া এক মোক্ষম আঘাত ৷ আত্মসমৰ্পন কৰা মাওবাদীকেইটাৰ আটাইৰে নামত চৰকাৰে 1 লাখকৈ টকাৰ পুৰস্কাৰ ৰাখিছিল ৷

এতিয়ালৈকে ডান্টেৱাড়াত এই আচঁনিৰ অধীনত 53 গৰাকী মাওবাদীয়ে আত্মসমৰ্পন কৰিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে ৷

লগতে পঢ়কঃআৰ্মীৰ পিচত এইবাৰ অৰ্ধসামৰিক বাহিনীতো ফেচবুক ব্যৱহাৰৰ বন্ধৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details