নিউজ ডেস্ক,১আগষ্ট: আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি,শনিবাৰে বিয়লি মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ মানস এগ্ৰ' ইণ্ডাষ্ট্ৰিজত সংঘটিত বয়লাৰ বিস্ফোৰণৰ এটা শোকাবহ ঘটনাত ৫জনকৈ শ্ৰমিকৰ মৃত্যু ঘটিছে ।
নাগপুৰ জিলাৰ এটা কাৰখানাত বয়লাৰ বিস্ফোৰণৰ ফলত ৫জনৰ মৃত্যু জিলাখনৰ উমৰেড টেহচিলৰ অন্তৰ্গত এখন গাঁৱৰ এটা বায়' গেছ প্লাণ্টত দিনৰ প্ৰায় ২ বাজি ১৫ মিনিটত এই ঘটনাটো সংঘটিত হৈছিল ।
বিস্ফোৰণত নিহত ব্যক্তি কেইজন ক্ৰমে উৰগাঁৱৰ মঙ্গেশ প্ৰভাকৰ নাওকাৰকৰ(২১), লীলাধৰ উমানৰাও সিন্ধে(৪২), বাশুদেৱ লাড়ি (৩০), শচীন প্ৰকাশ ৱাঘমাৰে(২৪), প্ৰফুল্ল পাডুৰাং মুন(২৫) ।
নাগপুৰ জিলাৰ এটা কাৰখানাত বয়লাৰ বিস্ফোৰণৰ ফলত ৫জনৰ মৃত্যু আৰক্ষীয়ে অৱগত কৰা মতে, ইণ্ডাষ্ট্ৰিটোত শচীন প্ৰকাশ ৱাঘমাৰে এজন ৱেল্ডাৰ হিচাবে কাম কৰাৰ বিপৰীতে আনকেইজন সহায়কাৰী হিচাবে আছিল। বিস্ফোৰণৰ পিছতে কাৰখানাটোৰ চৌদিশ ধোঁৱাৰে চানি ধৰিছিল ।
আৰক্ষীৰ মতে বিস্ফোৰণত আটাই কেইগৰাকী শ্ৰমিকৰ শৰীৰ গুৰুতৰভাৱে জ্বলি উঠাৰ লগতে ঘটনাস্থলীতে তেওঁলোকৰ মৃত্যু ঘটিছে । ঘটনাৰ খবৰ পোৱাৰ পিছতেই জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ অলা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰিছে ।