অসম

assam

ETV Bharat / bharat

চাৰি মাহৰ বন্দীত্বৰ পাচত পাঁচ কাশ্মীৰি ৰাজনৈতিক নেতাৰ মুক্তি - Five Kashmiri political leaders released after four months of detention

বন্দীত্বৰ পৰা মুকলি কৰা হয় পাঁচ কাশ্মীৰি ৰাজনৈতিক নেতাক ৷ যোৱা বৰ্ষৰ 5 আগষ্টত তেওঁলোকক বন্দী কৰা হৈছিল ৷

চাৰি মাহৰ বন্দীত্ব
পাঁচ কাশ্মীৰি ৰাজনৈতিক নেতাক মুকলি

By

Published : Jan 4, 2020, 5:47 PM IST

নেশ্বনেল ডেস্ক, 4 জানুৱাৰীঃ জম্মু-কাশ্মীৰ প্ৰশাসনে সোমবাৰে মুকলি কৰি দিয়ে পাঁচ কাশ্মীৰি ৰাজনৈতিক নেতাক ৷ উল্লেখ্য যে, যোৱা বৰ্ষৰ 5 আগষ্টৰ পৰা পাঁচজন নেতাকে বন্দী কৰি ৰখা হৈছিল ৷ এই দিনটোতে জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370 বাতিল কৰিছিল ৷

মুকলি কৰি দিয়া নেতাকেইজন নেশ্বনেল কনফাৰেন্স, দা পিডিপি আৰু কংগ্ৰেছ দলৰ নেতা আছিল ৷ তেওঁলোক হৈছে ইছফাক জব্বৰ আৰু গুলাম নবী ভাট (নেশ্বনেল কনফাৰেন্স), বাছিৰ মীৰ (কংগ্ৰেছ) আৰু জহুৰ মীৰ আৰু য়াশিৰ ৰেছি (পিডিপি) ৷

ৰেশীক এজন বিদ্ৰোহী পিডিপি নেতা হিচাপে গণ্য কৰা হয় আৰু তেওঁ সেই সময়ৰ মুখ্যমন্ত্ৰী আৰু পিডিপি নেত্ৰী মেহবুবা মুফ্টীৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিছিল ৷

25 নৱেম্বৰত পিডিপি নেতা দিলৱাৰ মীৰ আৰু ডেমক্ৰেটিক পাৰ্টী নেশ্বনেলিষ্টৰ নেতা গুলাম হাছান মীৰক মুক্তি প্ৰদান কৰা হৈছিল ৷

আৰু পঢ়ক : পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণক গৰিহণা ভাৰতৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details