অলপতে ছৌদি আৰৱত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ মাজত পাঁচজন ভাৰতীয়ও আছে । ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে পাঁচগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ খবৰটো নিশ্চিত কৰিছে । এই পাঁচ ভাৰতীয় নাগৰিকৰ ভিতৰত আছে কেৰালাৰ শ্বেবনাজ পালা কাণ্ডিয়িল আৰু ছাফৱান নাডামাল, মহাৰাষ্ট্ৰৰ ছুলেমান ছৈয়দ জুনেইছ,উত্তৰ প্ৰদেশৰ বদ্ৰে আলম আৰু তেলেংগানাৰ আজমাতুল্লা খান। ছৌদি আৰৱত থকা ২ মিলিয়ন ভাৰতীয়ৰ অধিকাংশই হস্পিটেলিটী আৰু খননকাৰ্যৰ লগত জড়িত ।
ভাৰতীয় ৰাষ্ট্ৰদূত ডঃ ঔছাফ ছায়েদে প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে—“ছৌদি আৰৱত ক’ভিড-১৯ সংক্ৰমণৰ ফলত হোৱা পৰিস্থিতি আমাৰ দূতাবাসে ভালদৰে নিৰীক্ষণ কৰি আছে । দেশখনত ভাৰতীয় লোকসকলৰ কল্যাণৰ বাবে সকলোধৰণৰ ব্যৱস্থা দূতাবাসে গ্ৰহণ কৰিছে ।”
দূতাবাসৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা এক হেল্পপাইনৰ লগতে হোৱাটছএপ্ নম্বৰ (+966 546103992)আৰু ইমেইল (covid19indianembassy@gmail.com) আছে যাতে ছৌদি আৰৱত থকা ভাৰতীয় সমাজখনৰ যিকোনো সমস্যা সমাধান কৰিব পাৰি । ইয়াৰ উপৰি জৰুৰী অৱস্থাৰ ক্ষেত্ৰত কঠোৰ লকডাউনত আবদ্ধ হৈ থাকি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱা বা পূৰ্বৰে পৰা স্বাস্থ্যৰ সমস্যা থকা ভাৰতীয় লোকসকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতীয় চিকিৎসকসকলৰ এক হোৱাটছএপ গ্ৰুপো খোলা হৈছে । অতিৰিক্তভাৱে ভাৰতীয় মিছনে স্থানীয় প্ৰবাসী সংগঠন,খাদ্য যোগানধাৰী প্ৰতিষ্ঠানবোৰৰ সৈতে লগ লাগি যিবোৰ ঠাইত খাদ্যৰ প্ৰয়োজন সেইবোৰত বিতৰণ কৰাৰ বাবে কাম কৰি আছে । প্ৰয়োজনত ভাৰতীয় সমাজৰ লোকসকলৰ বাবে কোৱাৰেণ্টাইন জন স্থাপনৰো চিন্তা-চৰ্চা কৰিছে ।
৫৩ খন দেশত কৰ’ণা ভাইৰাছত আক্ৰান্ত মুঠ ৩৩০০ প্ৰবাসী ভাৰতীয়ৰ ভিতৰত ২১০০ লোকেই (প্ৰায় ৭০ শতাংশ) আৰৱীয় দেশসমূহত আছে । ইৰানৰ ক্যোম আৰু তেহেৰাণতো তিনিশৰো অধিক ভাৰতীয় লোক এই ৰোগত আক্ৰান্ত হৈছে । ছখন জিচিচি দেশ (বাহৰেইন, কুৱেইট, কাটাৰ, ছৌদি আৰৱ আৰু ইউ এ ই)আশী লাখতকৈ অধিক ভাৰতীয় লোক আছে । ইয়াৰে আধা অংশ কৰ্মীয়েই অদক্ষ বা ব্লু কলাৰ ৱৰ্কাৰ । ৩০ শতাংশ অৰ্ধ দক্ষ বা ছেমি স্কিলড । ইয়াৰে ২০ শতাংশ দক্ষ কৰ্মচাৰী ।
“ভাৰতীয়সকল নিয়োজিত হৈ থকা মুখ্য কোম্পানীসমূহৰ সৈতে দূতাবাসে যোগাযোগ অব্যাহত ৰাখিছে ।সকলো প্ৰতিৰোধমূলক ব্যৱস্থা যেনে—সামাজিক দুৰত্ব, শ্ৰমিকৰ শিবিৰসমূহত স্বাস্থ্যৰ অৱস্থা আদিৰ প্ৰতি নজৰ দিবলৈ তেওঁলোকক আহ্বান জনোৱা হৈছে ।” দূতাবাসৰ পৰা এনেদৰে প্ৰকাশ কৰা হৈছে ।